SocialSocial Networkঅপৰাধভাৰত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক…

শনিবাৰে মাজনিশা প্ৰধানমন্ত্ৰী মোদীৰ বিটকইন সম্পৰ্কীয় এটা টুইটে সমগ্ৰ দেশতে খলকনিৰ সৃষ্টি কৰিছে

শনিবাৰে মাজনিশা প্ৰধানমন্ত্ৰী মোদীৰ বিটকইন সম্পৰ্কীয় এটা টুইটে সমগ্ৰ দেশতে খলকনিৰ সৃষ্টি কৰিছে।

যোৱা নিশা প্ৰায় ২ বাজি ১১ মিনিটত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক কৰি বিটকইন সম্পৰ্কীয় টুইটে ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰে। মোদীৰ টুইটাৰ একাউণ্টটো হেক কৰি কৰা হৈছিল এই টুইট।

টুইটটোত দাবি কৰা হৈছিল যে, ‘ভাৰতে আনুষ্ঠানিকভাৱে বিটকইনক স্বীকৃতি প্ৰদান কৰিছে আৰু চৰকাৰেও ৫০০ বিটিচি ক্ৰয় কৰি ৰাইজক বিতৰণ কৰি আছে’। অৱশ্যে কিছু সময়ৰ পাছতে টুইটটো আঁতৰাই দিয়া হয় যদিও প্ৰায় একেধৰণৰে অন্য এটা টুইট প্ৰধানমন্ত্ৰীৰ টুইটাৰৰ পৰা প্ৰকাশ পায় ২ বাজি ১৪ মিনিটত। কিছু সময় পিছত দ্বিতীয়টো টুইটটো ডিলিট কৰি দিয়া হয় যদিও টুইটৰ স্ক্ৰিণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

প্ৰধানমন্ত্ৰী মোদীৰ টুইট একাউণ্ট হেক হোৱা ঘটনাই দেশজুৰি চৰ্চা লাভ কৰাৰ বিপৰীতে একাংশই এয়া দেশৰ সুৰক্ষাৰ বাবে ভাবুকিস্বৰূপ বুলি মন্তব্য কৰে।

অৱশ্যে প্ৰধানমন্ত্ৰী মোদীৰ একাউণ্টটো সুৰক্ষিত কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.