Covid-19অসমস্বাস্থ্য

অসম পালেহি মাৰাত্মক অমিক্ৰণ!

শোণিতপুৰ জিলাত এজন লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ

অসম পালেহি কৰ’ণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণ। ৰাজ্যত ধৰা পৰিছে কৰ’ণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ দ্বাৰা আক্ৰান্ত হোৱা প্ৰথমটো ঘটনা।

শোণিতপুৰ জিলাত এজন লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক অমিক্ৰণ ভাইৰাছৰ অৱস্থিতি। এই ভাইৰাছত দ্বাৰা আক্ৰান্ত লোকজনৰ নাম সূৰ্যবাহাদুৰ তামাং বুলি জানিব পৰা গৈছে। প্ৰথম ঘটনা ৰাজ্যখনত এয়ে অমিক্ৰণৰ অৱস্থিতিৰ প্ৰথমটো ঘটনা।

বৰ্তমান তেওঁক তেজপুৰ মেডিকেল হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

অৱশ্যে এতিয়াও এই সম্পৰ্কে চৰকাৰৰ তৰফৰ পৰা নিশ্চিত তথ্য প্ৰদান কৰা হোৱা নাই। জানিব পৰা অনুসৰি, সূৰ্যবাহাদুৰ তামাং চৌদি আৰৱৰ পৰা ভ্ৰমণ কৰি আহিছিল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.