Covid-19অসমজীৱনশৈলী

দেৰগাঁৱৰ এজন যুৱকৰ অভিনৱ প্ৰয়াস

হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু সামগ্ৰী

দেৰগাঁৱৰ দাধৰাত এজন যুৱকৰ অভিনৱ প্ৰয়াস। হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু সামগ্ৰী।

কৰ’না সৃষ্ট পৰিৱেশৰ ফলত পৃথিৱীখনক অলপ হ’লেও পিছুৱাই গৈছে কিন্তু তাৰ মাজতে কৰ’না সৃষ্ট পৰিৱেশত একাংশই নিজৰ জীৱনটোক জুখি চাবলৈ শিকাইছে।

যান্ত্ৰিকতাৰ পৰা আঁৰতি মনে কৰি ভাল পোৱা কাম কৰি গোলাঘাট জিলা দেৰগাঁৱৰ দাধৰা অঞ্চলৰ ইক্ৰাম হুছেইনে বাঁহৰে নিৰ্মাণ কৰিছে বহু সামগ্ৰী।

ইক্ৰাম হুছেইনে সাঁজি উলিয়াইছে বাঁহৰ ঘৰ, এখন গাওঁ, য’ত আছে ঘৰৰ থাকিব লগীয়া যাৱতীয় সা-সামগ্ৰী, জেউৰা, জপনা, চকী, ঠেলা, ফুলৰ থুপা, চেৰেকী, লেটাই, উঘা, ঢেঁকীৰ লগতে আৰু বহুতো।

সজাই থ’ব পৰাকৈ ইক্ৰামে সাজি ওলাইছে চালে চকু ৰোৱা ঘৰ আৰু ঘৰৰ যাৱতীয় সা-সামগ্ৰী।

এনেদৰে কৰ’না কালতো ইক্ৰাম হুছেইনে ব্ৰতি আছে নিজৰ শিল্প সাধনাত।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.