অসমজীৱনশৈলীপৰিৱেশপৰ্যটনভ্ৰমণ

এতিয়া বনভোজৰ বতৰ! গুৱাহাটীৰ গাতে লাগি থকা এই বনভোজথলীখন পুনৰ সাজু হৈ উঠিছে নতুন ৰূপত

ক'ভিডৰ পিছত পুনৰ উদ্ধোধন বনভোজথলী

এতিয়া বনভোজৰ বতৰ। শীতকাল নমাৰ লগে লগে সকলোৱে সাজু হৈ পৰে বনভোজ খাবৰ বাবে। বিভিন্ন বনভোজথলীলৈ আগমন ঘটিছে বনভোজকাৰীৰ।

দীপৰ বিলৰ পাৰত বনভোজথলী উদ্বোধন । ক’ভিডৰ পিছত পুনৰ উদ্ধোধন বনভোজথলী। বনভোজথলীত এইবাৰ ব্যৱস্থা কৰা হৈছে পানী, প্ৰস্ৰাৱগাৰৰ।

ক’ভিডৰ পিছত বনভোজলৈ মন মেলিছে বনভোজকাৰীসকলে। ৰাজ্যৰ আন বনভোজথলীৰ দৰে গুৱাহাটীৰ গাতে লগা দীপৰ বিললৈও বনভোজ খাবলৈ অহা লোকক আদৰিবলৈ সাজু হৈছে দীপৰ বিলৰ পৰিৱেশে।
ক’ভিডৰ বাবে বন্ধ হৈ থকা দীপৰ বিল পুনৰ উদ্ধোধন কৰা হৈছে। বনভোজ বাবে এতিয়া সাজু এই বনভোজথলীখন। প্ৰতি বছৰৰ দৰে এইবেলিও শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ আন বনভোজথলীৰ দৰে দীপৰ বিললৈও বনভোজ খাবলৈ অহা দলৰ সমাগম হ’ব বুলি আশা কৰা গৈছে।

এই বনভোজথলী উদ্ধোধন কৰাৰ আগত বিশুদ্ধ খোৱাপানী, বাহন ৰখাৰ বাবে পাৰ্কিং ব্যৱস্থা, প্ৰস্ৰাৱগাৰ আদিৰ সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। সমান্তৰালভাৱে চাফ চিকুণৰো ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ গাতে লাগি থকা এই মনোৰম দীপৰ বিললৈ আপুনিও গৈ বনভোজৰ আনন্দ ল’ব পাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 7 =

Back to top button