অপৰাধঅসম

উচ্ছেদিতৰ মাজতে সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি! উত্তেজিত লোকে প্রহাৰ কৰিলে এজনক

মাটিৰ পট্টা দিয়াৰ নামত বিভিন্ন সময়ত ধন সংগ্ৰহ কৰা দালালক লপাথপা বেদখলকাৰীৰ

লামডিং সংৰক্ষিত বনাঞ্চলত বেদখলকাৰী উচ্ছেদ অভিযান অব্যাহত আছে। আজি দ্বিতীয় দিনাৰ বাবে প্ৰশাসনে চলাইছে বেদখল।  প্ৰশাসনে উচ্ছেদ অভিযান চলাই থকাৰ সময়তে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।

জানিব পৰা মতে ৰহমত আলী নামৰ এজন দালালে উচ্ছেদিত লোকসকলৰ কাষত থিয় দিয়াৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিত।

ৰাইজৰ অভিযোগ মতে পূৰ্বৰে পৰা তেওঁলোকক মাটিৰ পট্টা দিয়াৰ নামত বিভিন্ন সময়ত ধন সংগ্ৰহ কৰি আছিল। ৰহমত আলীয়ে লোকসকলক বুজাবলৈ চেষ্টা কৰাৰ বিপৰীতে প্ৰথম অৱস্থাত কথাৰ কটাকটি আৰু পৰৱৰ্তী সময়ত তেওঁক একাংশ লোকে লপাথপাও দিয়ে।

ক্ৰমে পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু কথমপি তেওঁৰ প্ৰাণ ৰক্ষা কৰি উদ্ধাৰ কৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button