অসম

অসমৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে বিশেষ বৈঠক, কি ক’লে মুখ্যমন্ত্ৰীয়ে?

বৈঠকত আলোচনা হ'ল হুকেইটা গুৰুত্বপূৰ্ণ বিষয়

কাজিৰঙাৰ পাছতেই অসমৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে বিশেষ বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সকলক প্ৰতিটো গোচৰৰ অনুসন্ধান সুচাৰু ৰূপে চলোৱাৰ লগতে নিম্ন আৰক্ষী সকলৰ লগতো সুসম্পৰ্ক বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি ২ বছৰৰ মুৰে মুৰে বদলি কৰা হ’ব আৰক্ষী বিষয়াসকলক।
অসম আৰক্ষীক এটা পেছাদাৰী সংগঠন হিচাপে গঢ়াৰ লক্ষ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। কোনোধৰণৰ দুৰ্নীতিমুলক কাৰ্যৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনাই অসম আৰক্ষীক।
ইয়াৰ ওপৰি বিগত কিছুদিন ধৰি অসম আৰক্ষীয়ে চলোৱা ড্ৰাগছ, সুৰাৰ অবৈধ ঘাটিৰ উচ্ছেদ অভিযানকো প্ৰসংশা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button