অসমআন্তঃৰাষ্ট্ৰীয়বোলছবি

অসমীয়াৰ বাবে পুণৰ গৌৰব

অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে আহিল এটা ভাল খবৰ

অসমীয়াৰ বাবে পুণৰ গৌৰব। অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে আহিল এটা ভাল খবৰ।

ৰাষ্ট্রসংঘৰ ইউনেস্ক’ৰ ছবি মহোৎসৱলৈ নিৰ্বাচিত হ’ল ৰাজেন দাস পৰিচালিত ‘লাইফ ইন এ পাপেট’ নামৰ অসমীয়া চলচ্চিত্ৰখন।

১৭ জুলাইৰ পৰা ২১ জুলাইলৈ আয়োজিত এই গুৰত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয় অ’টি টি প্লেটফৰ্ম ’মুভীচেইন্ট’যোগে বিশ্বজুৰি প্ৰদৰ্শনৰ বাবে অসমীয়া চলচ্চিত্ৰ ‘লাইফ ইন এ পাপেট’  মনোনীত কৰা হৈছে। মহোৎসৱৰ সময়ছোৱাত অগণন চলচ্চিত্ৰ প্ৰেমীয়ে বিশ্বজুৰি প্ৰত্যক্ষ কৰিব অসমীয়া চলচ্চিত্ৰ ‘লাইফ ইন এ পাপেট’ ৷

অসমীয়া লোকশিল্প পুতলা নাচক লৈ নিৰ্মাণ কৰা হৈছে ’লাইফ ইন‌ এ পাপেট’ চলচ্চিত্ৰখন। এইয়া নিঃসন্দেহে অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.