আন্তঃৰাষ্ট্ৰীয়খেলভাৰত

Happy birthday মাহী

জীৱনৰ ৪০টা বৰ্ষ পুৰ্ণ কৰিলে এম এচ ধোনীয়ে

Happy birthday মাহী। জীৱনৰ ৪০টা বৰ্ষ পুৰ্ণ কৰিলে এম এচ ধোনীয়ে।

এটা পৰিচিত নাম এম এচ ধোনী। যাৰ নেতৃত্বত ভাৰতে জয়লাভ কৰিছিল বিশ্বকাপত।

আজি অৰ্থাত ৭ জুলাই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ৪০ তম জন্ম বাৰ্ষিকী। অতি কম বয়সতে বয়সতে ভাৰতীয় ক্ৰিকেট দলত যোগদান কৰা ধোনীয়ে জন্ম লাভ কৰিছিল ১৯৮১ চনত ঝাৰখণ্ডত। ক্ৰিকেট দলত যোগদান কৰাৰ পাছৰ পৰাই লাহে লাহে সমগ্ৰ দেশবাসীৰ মাজত নিজৰ এক সুকীয়া স্থান বনাবলৈ সক্ষম হৈছিল ক্ৰিকেটাৰ গৰাকীয়ে। অনুৰাগীসকলৰ মাজত মাহী নামেৰে জনাজাত আছিল মহেন্দ্ৰ সিং ধোনী।

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে ক্ৰিকেটাৰ গৰাকীৰ কেইবাটাও অভিলেখ ৰচিছে। ইয়াৰ ভিতৰত সৰ্বাধিক টেষ্ট আৰু এদিনীয়া জয়লাভ কৰা ভাৰতীয় অধিনায়ক আৰু এদিনীয়া একেলেথাৰিয়ে সৰ্বাধিক জয়লাভ কৰা ভাৰতীয় অধিনায়কৰ অভিলেখ উল্লেখযোগ্য।

২০১১ চনত ভাৰতে ২৮ বছৰৰ পিছত ধোনীৰ নেতৃত্বত বিশ্বকাপত জয়লাভ কৰিবলে সক্ষম হৈছিল। ভাৰতীয় ক্ৰিকেট জগতত ধোনীৰ অৱদান অতুলনীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.