অসমভ্ৰমণ

বাৰাণসীৰ পৰা বাংলাদেশ হৈ অসমলৈ চলিব বিশ্বৰ আটাইতকৈ দীঘলীয়া বিলাসী যাত্ৰীবাহী জাহাজ!

অহা জানুৱাৰীত আৰম্ভ হ’ব এই সেৱা

অহা জানুৱাৰীত আৰম্ভ হ’ব বাৰাণসীৰ পৰা বাংলাদেশ হৈ অসমলৈ বিশ্বৰ আটাইতকৈ দীঘলীয়া বিলাসী যাত্ৰীবাহী জাহাজৰ যাত্ৰা। বাৰাণসীৰ পৰা আৰম্ভ হ’বলগীয়া ৫০ দিনীয়া ক্ৰুজখনে অৰ্থাৎ যাত্ৰীবাহী জাহাজ বুক্সাৰ, ৰামনগৰ, আৰু গাজীপুৰৰ মাজেৰে পাৰ হৈ অষ্টম দিনা পাটনাত উপস্থিত হ’ব। ভাৰতত প্ৰৱেশৰ পূৰ্বে বাংলাদেশত প্ৰায় ১১০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব এই জাহাজখনে।

 

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়লৈ বিশ্বৰ আটাইতকৈ দীঘলীয়া এই বিলাসী যাত্ৰীবাহী জাহাজখন চলাবলৈ চৰকাৰে প্ৰস্তাৱ আগবঢ়াইছে। ভাৰতৰ অভ্যন্তৰীণ জলপথৰ উন্নয়ন বৃদ্ধিৰ বাবে অহা বছৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ আশা কৰিছে চৰকাৰে। ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই জাহাজখনে ৪,০০০ কিলোমিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰিব আৰু বাৰাণসীৰ পৰা যাত্ৰা সম্পূৰ্ণ কৰিবলৈ ৫০ দিনৰ সময় লাগিব। লাইভমিণ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জাহাজখনে কলকাতা আৰু ঢাকাৰ মাজেৰে পাৰ হৈ ১ মাৰ্চত ভাৰতৰ পূব ৰাজ্য অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিলত উপস্থিত হ’ব।

 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ‘গংগা বিলাছ ক্ৰুজে বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ ২৭খন নদী ব্যৱস্থা সামৰি ৫০ দিনৰ আটাইতকৈ দীঘলীয়া নদী যাত্ৰাত যাত্ৰা কৰিব আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰকে ধৰি ৫০টাতকৈও অধিক পৰ্যটন স্থান পৰিদৰ্শন কৰিব। এইটোৱেই হ’ব বিশ্বৰ একক নদী জাহাজেৰে কৰা একক বৃহৎ নদী যাত্ৰা আৰু ই ভাৰত আৰু বাংলাদেশ দুয়োখনকে বিশ্বৰ নদী ক্ৰুজ মেপত স্থান দিব’।

মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে, এই সেৱাই সকলো ধৰণৰ পৰ্যটকক সহায় কৰিব। তদুপৰি, ভাৰতীয় জাহাজ আইনৰ সংশোধনৰ সৈতে, ক্ৰুজ লাইনবোৰত ৰাজ্যসমূহত নিৰ্বিঘ্নে আগবাঢ়িবলৈ ৰাষ্ট্ৰীয় অনুমতি থাকিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − eleven =

Back to top button