ভাৰতমনোৰঞ্জন

চৈয়ৱ মালিকৰে বিবাহৰ পূৰ্বে ছানিয়া মিৰ্জাৰ সম্পৰ্ক আছিল এইসকল বলীউড ষ্টাৰৰ সৈতে। কোন এইসকল অভিনেতা!

চৰ্চাত ছানিয়া মিৰ্জা আৰু স্বামী ছোৱেব মালিকৰ সম্পৰ্ক

চৰ্চাত ছানিয়া মিৰ্জা আৰু স্বামী ছোৱেব মালিকৰ সম্পৰ্ক। ইতিমধ্যে ফাটি মেলিছে ছানিয়া আৰু ছোৱেবৰ সম্পৰ্কত। সামাজিক মাধ্যমত দুয়োৰে বিবাহ বিচ্ছেদৰ চলিছে সঘন আলোচনা। শেহতীয়া প্ৰতিবেদন অনুসৰি, দম্পতীদ্বয়ৰ বিবাহ বিচ্ছেদ হৈছে। অনুৰাগীসকলেও হঠাতে ছানিয়া মিৰ্জা আৰু ছোৱেব মালিকৰ মাজৰ এই বিভেদৰ বাতৰি শুনি আচৰিত হৈছে। দম্পতীদ্বয়ে ১২ বছৰ পূৰ্বে অৰ্থাৎ ২০১০ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। ছানিয়া আৰু ছোৱেবৰ ইজান মালিক নামৰ এটি পুত্ৰও আছে।

 

 

উল্লেখ্য যে, পাকিস্তানী ক্ৰিকেটাৰ ছোৱেব মালিকৰ সৈতে বিবাহৰ পূৰ্বে ছানিয়া মিৰ্জাৰ নাম বলীউড অভিনেতা শ্বাহিদ কাপুৰৰ সৈতেও জড়িত আছিল। এটা সময়ত ছানিয়া আৰু শ্বাহিদৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ উৰাবাতৰি ওলাইছিল। কফি উইথ কৰণত কৰণ জোহৰেও এই বিষয়ে ছানিয়াক প্ৰশ্ন কৰিছিল। কৰণে ছানিয়াক সুধিছিল, “কেনেকৈ হ’ব পাৰে যে আপোনাক কেতিয়াও হিন্দী চলচ্চিত্ৰৰ ল’ৰাবোৰে যোগাযোগ কৰা নাই?”।

 

 

যাৰ উত্তৰত ছানিয়াই কৈছিল, ‘মোৰ সৈতে কেতিয়াও এনে হোৱা নাই’। তেতিয়া কৰণে কয়, ‘আপোনাৰ আৰু শ্বাহিদৰ বিষয়েও আলোচনা হৈছিল। এই ক্ষেত্ৰত কিবা সত্যতা আছিল নেকি?’ এই সন্দৰ্ভত ছানিয়াই কয়, ‘মোৰ মনত নাই, এইটো বহু দিন আগৰ কথা। মই বহুত ভ্ৰমণ কৰাৰ বাবে মোৰ সৈতে তেনে ধৰণৰ একো হোৱা নাছিল।’
ইয়াৰ পিছত শ্ব’টোত শ্বাহিদ কাপুৰৰ বিষয়েও চৰ্চা চলিছিল। ইয়াৰ পিছত যেতিয়া কৰণ জোহৰে ছানিয়াক সুধিলে যে ৰণবীৰ কাপুৰ, ৰণবীৰ সিং আৰু শ্বাহিদ কাপুৰৰ লগত কাক বিয়া, হুকআপ আৰু হত্যা কৰিব বিচাৰে? গতিকে এই বিষয়ে তাই ক’লে যে তাই ৰণবীৰৰ লগত হুকআপ কৰি ৰণবীৰ কাপুৰক বিয়া কৰাই শ্বাহিদ কাপুৰক হত্যা কৰিব বিচাৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − eight =

Back to top button