অসম

বিশিষ্ট ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান। চিত্ৰশিল্পী হিচাপেও খ্যাতি অৰ্জন কৰিছিল পুলক গগৈয়ে

পুৱা ৮.৩০ বজাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ

বিশিষ্ট চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান। আজি পুৱা ৮.৩০ বজাত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে পুলক গগৈয়ে।দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত ভুগি আছিল শিল্পীগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ।৯খনকৈ চলচ্চিত্ৰ পৰিচালনা কৰিছিল গগৈয়ে।‘খোজ’ আছিল পুলক গগৈৰ প্ৰথমখন ছবি। ছবিখনে মুক্তি লাভ কৰিছিল ১৯৭৫ চনত।‘ৰে’লৰ আলীৰ দুৱৰি’ৰ বাবে তেওঁ লাভ কৰিছিল ৰাষ্ট্ৰীয় বঁটা।

১৯৩৮ চনত যোৰহাটত জন্ম গ্ৰহণ কৰিছিল পুলক গগৈয়ে। সোমেশ্বৰ গগৈৰ পুত্ৰ পুলক গগৈয়ে ‘অসমবাণী’ কাকতত কাৰ্টুনিষ্ট হিচাপে কৰ্মময় জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত ‘দৈনিক অসম’ কাকতৰো সাংবাদিক কাৰ্টুনিষ্ট হিচাপে সেৱা আগবঢ়ায়। ১৯৭৪ চনত তেওঁ ‘খোজ’ নামৰ ছবিখনৰ প্ৰযোজক পৰিচালক হিচাপে চলচ্চিত্ৰ নিৰ্মাণৰ যাত্ৰা আৰম্ভ কৰে।এখনৰ পাছত আন এখন ছবি নিৰ্মাণ কৰি তেওঁ ব্যৱসায়িক সফলতা লাভ কৰাৰ লগতে সমালোচকৰো পছন্দৰ পৰিচালক হৈ পৰে তথা বহু সন্মান লাভ কৰিবলৈ সক্ষম হয় ।

‘ৰেল’ৰ আলিৰ দুৱৰি বন’ ছবিখনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল লাভ কৰে । তদুপৰি পুলক গগৈয়ে নিজৰ একেবাৰে শেহতীয়া ‘মমতাজ’ নামৰ ২০১৩ চনত নিৰ্মাণ কৰা ছবিখনৰ বাবে ফিল্ম ফেয়াৰ (ইষ্ট)ত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে । তেওঁ পৰিচালনা কৰা আন ছবিকেইখন হৈছে ‘সাদৰী’, ‘সেন্দুৰ’, ‘সুৰুজ’, ‘শ্ৰীমতি মহিমাময়ী’, ‘মৰম নদীৰ গাভৰু ঘাট’ আৰু ‘পত্নী’। এইগৰাকী চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক এগৰাকী চিত্ৰকৰ হিচাপেও লোক সমাদৃত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button