অপৰাধঅসমধৰ্মীয়

ধৰ্মীয় গোৰামী! বোৰ্খাৰ সলনি জিন্স পিন্ধাৰ বাবেই গতিয়াই ঘৰৰ পৰা উলিয়ালে যুৱতীক

জিন্স পেন্ট পিন্ধাৰ বাবেই এগৰাকী শিক্ষিত মুছলমান যুৱতীক দুৰ্ব্যবহাৰ এজন ইছলাম ধৰ্মী লোকৰ।

জিন্স পেন্ট পিন্ধাৰ বাবেই এগৰাকী শিক্ষিত মুছলমান যুৱতীক দুৰ্ব্যবহাৰ এজন ইছলাম ধৰ্মী লোকৰ।
বিশ্বনাথ চাৰিআলিত সংঘটিত হ’ল এই লজ্যাজনক ঘটনা। জিন্স পেন্ট পিন্ধা এগৰাকী শিক্ষিত মুছলমান যুৱতীক দুৰ্ব্যবহাৰ কৰিলে এজন ইছলাম ধৰ্মী লোকে। আনকি জিন্চ পেন্ট পিন্ধি যোৱাৰ বাবে নুৰুল আমিন নামৰ লোকজনে ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ে যুৱতীগৰকীক।
বিশ্বনাথ নগৰৰ দৈনিক বজাৰৰ সমিপত নুৰুল আমিন নামৰ লোকজনৰ ঘৰত পৰিয়ালৰ সৈতে ভাড়া আছিল যুৱতীগৰাকী।
যোৱা ২৫ তাৰিখে ঘৰৰ কাষৰে এখন দোকানত হেডফোন ক্ৰয় কৰিবলৈ যোৱা মুহুৰ্তত জিন্চ পেন্ট পৰিধান কৰাৰ বাবেই নুৰুল আমিন নামৰ লোকজনে যুৱতী গৰাকীক দুৰ্ব্যবহাৰ কৰাৰ লগতে যুৱতী গৰাকীক গতিয়াই ঘৰৰ পৰা উলিয়াই দিয়ে।
আনহাতে এনে দুৰ্ব্যবহাৰৰ বিষয়ে যুবতীগৰাকীৰ পিতৃ আয়ুব খানে নুৰুল আমিনক প্ৰশ্ন কাৰাত নুৰুল আমিনৰ দুই পুত্ৰ ক্ৰমে ৰফিকুল ইছলাম আৰু ছহিদুল ইছলামে পৰবৰ্তী সময়ত ৰাস্তাত ধৰি বেয়াকৈ মাৰ ধৰ কৰে।
আয়ুব খানে বিশ্বনাথ সদৰ আৰক্ষী থানত এক এজাহাৰ দাখিল কৰে।যাৰ ভিত্তিত বিশ্বনাথ সদৰ থানাই নুৰুল আমিনৰ দুই পুত্ৰক আটক কৰে।
উল্লেখ্য যে, আনফালে নুৰুল আমিন নামৰ লোকজনেও বিশ্বনাথ সদৰ আৰক্ষী থানাত আয়ুব খানৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে।।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 10 =

Back to top button