উৎসৱ

কিয় পালন কৰা হয় ভাই দুজ? ভাই দুজৰ তাৎপৰ্য সম্পৰ্কে জানেনে? 

এই উৎসৱক ভাতৃ- ভগ্নীৰ পবিত্ৰ স্নেহ আৰু সম্পৰ্কৰ প্ৰতীক বুলি ধৰা হয়।

কাতি মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তাৰিখত উদযাপন কৰা হয় ভাই দুজ। এই উৎসৱক ভাতৃ- ভগ্নীৰ পবিত্ৰ স্নেহ আৰু সম্পৰ্কৰ প্ৰতীক বুলি ধৰা হয়। ভাই দুজৰ দিনা ভগ্নীয়ে ভাতৃক কপালত ফুট দিয়ে। এই দিনটোত ভগ্নীসকলে তেওঁলোকৰ ভাতৃসকলৰ বাবে ব্যঞ্জন ৰান্ধে। ভায়েকৰসকলৰ সুৰক্ষা, দীঘলীয়া জীৱন আৰু সুখী জীৱনৰ শুভেচ্ছা জনায়। ভায়েকে ভগ্নীসকলক উপহাৰ দিয়ে। ৰাখীবন্ধনৰ দৰেই ভাই দুজৰ উৎসৱকো ভাই-ভনীৰ প্ৰেমৰ প্ৰতীক হিচাপে ধৰা হয়।

Happy Bhai Dooj: Indian desserts that can be made at home in no time this  Diwali

এইবাৰ ভাই দুজৰ তাৰিখ সম্পৰ্কে কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে। বহু ঠাইতে ভাই দুজ আজি উদযাপন কৰা হৈছে যদিও শাস্ত্ৰ অনুসৰি কাইলৈ অৰ্থাৎ ২৭ অক্টোবৰ বৃহস্পতিবাৰে ভাই দুজ উৎসৱ উদযাপন কৰাটো উত্তম বুলি কোৱা হৈছে। ভাই দুজৰ সময় ২৬ তাৰিখ অৰ্থাৎ আজি সন্ধিয়া ৩ বাজি ৩৫ মিনিটত আৰম্ভ হৈছে আৰু ২৭ তাৰিখ সন্ধিয়া ২ বাজি ১২ মিনিটত সমাপ্ত হ’ব।

ভাই দুজৰ কাৰণে পবিত্ৰ নদীত গা ধোৱাৰ বিশেষ গুৰুত্ব আছে। সম্ভৱ নহ’লে পুৱা সূৰ্য্যোদয়ৰ আগতে গা ধুৱা আৰু সূৰ্যক অৰ্ঘ্য প্ৰদান কৰাও শুভ লক্ষণ বুলি কোৱা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.