অসমআঞ্চলিকউৎসৱ

আজি বিজয়া দশমী! ৰাজ্যজুৰি প্ৰতিমা বিসৰ্জন কাৰ্যসূচী

মহানগৰীৰ ৬ টাকৈ ঘাটত প্ৰতিমা বিসৰ্জন কাৰ্যসূচী

আজি বিজয়া দশমী! ৰাজ্যজুৰি প্ৰতিমা বিসৰ্জন কাৰ্যসূচী

৯দিন ধৰি দেৱী দুৰ্গাৰ পূজাৰ অন্তত আজি বিজয়া দশমী দিনটোতে বিসৰ্জন দিয়া হয় দুৰ্গা প্ৰতিমা। মহানগৰীৰ ৬ টাকৈ ঘাটত প্ৰতিমা বিসৰ্জন কাৰ্যসূচী। মহানগৰত যানবাহন চলাচলত বিশেষ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। চানমাৰিৰ পৰা অহা বাহন TC পইণ্টৰ পৰা MG ৰোড হৈ যাব, লালগণেশৰ পৰা অহা বাহন BK কাকতি ৰোড হৈ আহিব লাগিব। AK আজাদ ৰোড-নেপালী মন্দিৰ হৈও যাব পাৰিব বাহন। কুমাৰপাৰা দিশৰ পৰা অহা বাহনসমূহ AT ৰোড হৈ আহিব, দিছপুৰ-কাহিলীপাৰাৰ বাহন RG বৰুৱা ৰোড হৈ আহিব।

বি বৰুৱা পথেৰে যাব নোৱাৰিব প্ৰতিমা কঢ়িওৱা বাহন। ফটাশিলৰ পৰা অহা বাহন AT ৰোড হৈ পাণ্ডুলৈ যাব পাৰিব। জালুকবাৰীৰ পৰা চানমাৰিলৈ অহা বাহন AT ৰোড হৈ আহিব, উজানবজাৰ-খাৰঘূলি-নুনমাটি দিশৰ বাহন তৈবুল্লা ৰোড হৈ যাব লাগিব।

এপল’ পইণ্টৰ পৰা TRP ৰোড, HB ৰোড ONE WAY হ’ব। মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু দিশলৈ যাব নোৱাৰিব প্ৰতিমা কঢ়িওৱা বাহন, আমবাৰী তিনিআলিৰ পৰা পাণ্ডু প’ৰ্ট হৈ সোমাব লাগিব বাহনসমূহ বিসৰ্জনৰ পিছত শদিলাপুৰ ৬নং কলনী হৈ জালুকবাৰী দিশলৈ যাব লাগিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.