দুৰ্ঘটনাদৈনিক বাতৰিভাৰত

হঠাৎ খহি পৰিল নিৰ্মীয়মাণ উৰণীয়া সেতু, সেতু খহি আহত বহুকেইজন লোক

আঘাতপ্ৰাপ্ত শ্ৰমিকক ততাতৈয়াকৈ ভিএন দেশাই হাস্পতাললৈ লৈ যোৱা হয়

মুম্বাইত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নিৰ্মীয়মাণ উৰণীয়া সেতু খহি আহত বহুকেইজন লোক।

মহাৰাষ্ট্ৰ মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সত শুকুৰবাৰে খহি পৰে এখন নিৰ্মীয়মাণ উৰণীয়া সেতুৰ অৰ্ধাংশ। এই ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত হয় ১৪জন শ্ৰমিক। গোটেইকেইজন শ্ৰমিকক ততাতৈয়াকৈ ভিএন দেশাই হাস্পতাললৈ লৈ যোৱা হয়। বৰ্তমান গোটেইকেইজন লোকৰে স্বাস্থ্য কিছু পৰিমাণে উন্নত হৈছে।

শুকুৰবাৰে পুৱা ৪.৪০বজাত সংঘটিত হয় এই ঘটনা। দুৰ্যোগ ব্যৱস্থাপনা কোষৰ তথ্য অনুসৰি, দলঙৰ নিৰ্মাণকাৰ্যৰ দায়িত্ব মুম্বাই মেট্ৰ’পলিটান ৰিজ’নেল ডেভেলপমেন্ট অথিৰিটীৰ হাতত আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.