অসমআঞ্চলিকউৎসৱদৈনিক বাতৰি

আজি চাহ জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ পবিত্ৰ কৰম পূজা

সমাজৰ অপকাৰ নাশ হোৱা আৰু সমাজৰ সমৃদ্ধি আদিৰ উদ্দেশ্যে পৰম্পৰাগতভাৱে পালন কৰা হয় এই কৰম পৰৱ

আজি কৰম পূজা। অসমৰ চাহ জনগোষ্ঠীয়লোকসকলৰ এক পবিত্ৰ আৰু তাৎপৰ্য্যপূৰ্ণ উৎসৱ হ’ল কৰম পৰৱ অথবা কৰম পূজা । চাহ-বাগিচাৰ লোকসকলৰ মাজত ধুম-ধামেৰে অয়োজন কৰা হয় কৰম পূজা। এই পূজা হ’ল মূলতঃ কৃষি তথা উৰ্বৰতাৰ পৰৱ।

ভাদ মাহৰ শুক্লা-একাদশী তিথিত পালন কৰা হয় জিতিয়া কৰম পৰৱ।

কৰম পূজা হৈছে মূলতঃ নাৰীকেন্দ্ৰিক উৎসৱ।কৰম পূজাৰ অনুষ্ঠানত প্ৰধান ভূমিকা গ্ৰহণ কৰে যুৱতীসকলে।
এই পূজা হৈছে অসমৰ এক অন্যতম পবিত্ৰ অনুষ্ঠান। চাহ জনগোষ্ঠীৰ লোকৰ জীৱনত সঞ্জীৱনী যোগান ধৰে কৰম পূজাই।

প্ৰকৃতিৰ উৰ্বৰা শক্তি বৃদ্ধি, শস্য শ্যামলা হোৱা, সমাজৰ অপকাৰ নাশ হোৱা আৰু সমাজৰ সমৃদ্ধি আদিৰ উদ্দেশ্যে পৰম্পৰাগতভাৱে পালন কৰা হয় এই কৰম পৰৱ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + eleven =

Back to top button