EducationSocialঅসমচিকিৎসাস্বাস্থ্য

গুৱাহাটীৰ সেনাবাহিনীৰ নাৰ্চিং প্ৰতিষ্ঠানত বিশেষ অনুষ্ঠান

২০২১ বেটছৰ লেম্প লাইটিং অনুষ্ঠান, ২০১৭ বৰ্ষৰ স্নাতক আৰু ২০২২ বৰ্ষৰ বাৰ্ষিক অনুষ্ঠান উদযাপন

গুৱাহাটীৰ সেনাবাহিনীৰ নাৰ্চিং প্ৰতিষ্ঠান (ARMY INSTITUTE OF NURSING)ত বিশেষ অনুষ্ঠান। ২০২১ বেটছৰ লেম্প লাইটিং অনুষ্ঠান, ২০১৭ বৰ্ষৰ স্নাতক আৰু ২০২২ বৰ্ষৰ বাৰ্ষিক অনুষ্ঠান উদযাপন। নাৰেংগীস্থিত ব্ৰহ্মপুত্ৰ হলত ২৪ মে’ত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠান।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মেজৰ জেনেৰেল বিকাশ ছাইনি, এছ এম, ভি এছ এম, জেনেৰেল অফিচাৰ কমাণ্ডিং ৫১ এৰিয়া, ব্ৰিগ ছুমেৰ ইভান ডি কুনাহ, ডাই জি অ’ চি ৫১ চাব এৰিয়া আৰু মিচেছ ফাৰাহ সুমেৰ ডি কুনাহ, বিগ মেথিউছ জেকব, কমাণ্ডেণ্ট ১৫১ বেছ হস্পিতাল(সঞ্চালক, AIN গুৱাহাটী) আৰু HQ 51 Sub Area আৰু 151 Base Hospital ৰ অন্যান্য প্ৰশাসনিক বিষয়াসকল।

২০০৬ চনৰ আগষ্ট মাহত সেনা কল্যাণ শিক্ষা সমিতিৰ তত্বাৱধানত এখন পেছাদাৰী মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল সেনাবাহিনীৰ নাৰ্চিং প্ৰতিষ্ঠানখন।

প্ৰতিষ্ঠানৰ লেম্প লাইটিং অনুষ্ঠানৰ উল্লেখযোগ্য দিশসমূহ আছিল নৱাগতসকলক নাৰ্ছিং পেছাৰ সৈতে চিনাকি কৰাই দিয়া।
এই স্নাতক অনুষ্ঠানত শৈক্ষিক উৎকৃষ্টতাৰ বঁটা বিতৰণ কৰা হয় চুমু দিহিঙীয়াক। COAS All Round Best Student বঁটা আৰু সোণৰ পদক, জানাতুল আহমেদে GOC 101 ৰোলিং ট্ৰফী লাভ কৰি দ্বিতীয় স্থানত থিয় হোৱাৰ লগতে বিনিতা ৰায়ে লাভ কৰে ব্ৰঞ্জৰ পদক।

ছাত্ৰ-ছাত্ৰী সকলক সম্বোধন কৰি মেজৰ জেনেৰেল বিকাশ ছাইনীয়ে প্ৰতিজন মানুহৰ জীৱনত এগৰাকী নাৰ্চৰ গুৰুত্বৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ সকলো নাৰ্ছক এই মহামাৰীৰ সময়ত লোৱা ভূমিকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নাৰ্ছসকললৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button