আঞ্চলিক

সামাজিক মাধ্যমৰ শিৰোনামত Sunsilk Shampoo আৰু এখন বিয়া

হোমৰ গুৰিত ৰৈ বাট চাই থকা কইনাক বিয়া পাতিবলৈ নাহিল দৰা

সামাজিক মাধ্যমত যোৱা দুদিন ধৰি এখন বিয়াক লৈ চলি আছে তুমুল চৰ্চা। হোমৰ গুৰিত ৰৈ বাট চাই থকা কইনাক বিয়া পাতিবলৈ নাহিল দৰা। আৰু তাৰপাছতেই এই বিয়াখনে সামাজিক মাধ্যমত তুলিছে খলকনি। প্ৰথমে কইনা পক্ষৰ অভিযোগ দৰা পক্ষৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, যৌতুক বিচৰা দৰাঘৰীয়াই জোৰোণ দিবলৈ আহিল যদিও সঠিক সময়তকৈ বহুত পিছত। জোৰোণত কইনাই পিন্ধা সাজ, কইনা ঘৰৰ আপ্যায়নৰ প্ৰতি সন্তুষ্ট নহয়। ঠিক তাৰপিছতে , দৰা পক্ষৰ অভিযোগ কইনা পক্ষৰ বিৰুদ্ধে। কইনা দিয়া মেছেজৰ বাবেহে হেনো বিয়া ভাঙিলে দৰাঘৰীয়াই। আৰু তাৰ লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল দৰা দিব্যজ্যোতি তালুকদাৰলৈ জোৰোণৰ দিনা কইনাই দিয়া WhatsApp মেছেজৰ স্ক্ৰীণশ্বট।

 

 

কিন্তু এই সকলোবোৰ পিছ পেলাই সামাজিক মাধ্যমত চলিছে Sunsilk Shampooৰ ট্ৰেণ্ড। এই Sunsilk Shampoo ট্ৰেণ্ডটো আহিল ব্যজ্যোতি তালুকদাৰে ৰাজহুৱা কৰা কইনাই দিয়া WhatsApp মেছেজৰ স্ক্ৰীণশ্বটৰ পৰা। য’ত জোৰোণত কইনাক Sunsilk Shampoo দিয়াক লৈ দৰাক ইতিকিং কৰা এটা মেছেজ দেখা গৈছে। মেছেজটো আছিল– ‘‘…Sunsilk চেম্পু মই ব্যৱহাৰ নকৰো।’’ছচিয়েল মিডিয়াত স্ক্ৰীণশ্বট ভাইৰেল হোৱাৰ পিছতে এই মেছেজটোক লৈয়ে এতিয়া একাংশৰ মাজত সৃষ্টি হৈছে আনন্দৰ খোৰাকৰ। ওলাইছে বিভিন্ন মীম। বিভিন্ন পোষ্টত বিভিন্নজনে কৰিছে কমেণ্ট। কোনোবাই লিখিছে – ‘অসমত এতিয়া চলি আছে ছানছিল্ক চেম্পু’, ‘পাৱাৰ অব ছানছিল্ক চেম্পু, বিয়া ভাঙি দিব পাৰে’।
ইয়াৰ মাজতে কোনেৱে যদি দোষ দিছে কইনাক, কোনোৱে দিছে দৰাক। মুঠতে এখন তয়াময়া যুঁজ। আৰু তাকে লৈ আনন্দ লভিছে ৰাইজে।

ভুল কাৰ আছিল সেয়া হয়তো সময়ত ওলাব। কিন্তু তাৰ মাজতে ছচিয়েল মিডিয়াত চলি থকা Sunsilk Shampooৰ ট্ৰেণ্ডিঙকলৈ ব্যস্ত একাংশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − five =

Back to top button