EducationSocialগুজৰাটভাৰত

যোধপুৰৰ ৰাস্তাত মাৰিছিল ঝাৰু, এতিয়া হ’লগৈ ডেপুটি কালেক্টৰ

দুবছৰৰ আগতে ৰাজস্থানৰ অসামৰিক সেৱাৰ পৰীক্ষাত বহিছিল আশা কান্দাৰা

এটা সময়ত চুইপাৰৰ কাম কৰা দুগৰাকী সন্তানৰ মাতৃ হ’লগৈ ৰাজস্থান প্ৰশাসনিক সেৱাৰ বিষয়া।
যোধপুৰ পৌৰ নিগমৰ এগৰাকী মহিলা চুইপাৰ হ’লগৈ ডেপুটি কালেক্টৰ।

ৰাজস্থানৰ আশা কান্দাৰা নামৰ এই মহিলাগৰাকীৰ কাহিনীয়ে এতিয়া অনুপ্ৰেৰণা যোগাইছে বহুতকে। দুটি সন্তানৰ মাতৃ আশা কান্দাৰাই জীৱনৰ সকলোবোৰ ঘাত-প্ৰতিঘাতকো নেওচি হৈ পৰিছে বহুতৰে বাবে আদৰ্শস্বৰূপ।

আঠ বছৰৰ আগতে নিজ স্বামীৰ পৰা পৃথক হোৱা আশাই দুটি সন্তানক লাল-পালন কৰাৰ সমান্তৰালভাৱে সম্পূৰ্ণ কৰিছিল কলেজীয়া ডিগ্ৰী।

দুবছৰৰ আগতে ৰাজস্থানৰ অসামৰিক সেৱাৰ পৰীক্ষাত বহিছিল আশা কান্দাৰা। পৰীক্ষা দিয়াৰ ১২ দিন পাছতে যোধপুৰ পৌৰ নিগমত এটা চুইপাৰৰ চাকৰি পাইছিল আশাই। নিজৰ লগতে দুই সন্তানক লালন-পালন কৰাৰ দায়িত্ব বুজি পোৱা ৰাজস্থানৰ এইগৰাকী মহিলাই যোধপুৰৰ ৰাস্তা পৰিষ্কাৰ কৰাটো থমকি ৰোৱা নাছিল।

বহুদিনীয়া আশাৰ অন্ত পেলাই অৱশেষত আহিল সেই সুখবৰটো। কিছুদিন পূৰ্বে ঘোষণা হোৱা ৰাজস্থান অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় আশা। ৰাজস্থান অসামৰিক সেৱাৰ দৰে এটা প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা আশা কান্দাৰা এতিয়া হ’ল ৰাজস্থানৰ ডেপুটি কালেক্টৰ।

তেখেতৰ সাফল্ল্যই এটা কথাই প্ৰমাণ কৰি দেখুৱালে যে, জীৱনৰ লক্ষ্য যদি স্থিৰ হয়, তেন্তে জীৱনৰ কোনো পৰিস্থিতিতে মানুহ থমকিবলগীয়া নহয়। আশাৰ এই সফলতাৰ বাবে পৰিয়ালৰ সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰিলে ডেপুটি কালেক্টৰ আশা কান্দাৰাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.