অসমগুজৰাটগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগভাৰত

ঘণ্টাত ১২৫ কিঃমিঃ গতিবেগেৰে গুজৰাটত প্ৰৱেশ সাগৰীয় ঘূৰ্ণী বিপৰ্যয়ৰ

ঘণ্টাত ১২৫ কিঃমিঃ গতিবেগেৰে গুজৰাটত প্ৰৱেশ সাগৰীয় ঘূৰ্ণী বিপৰ্যয়ৰ।

ৰাজ্যখনৰ কচ্ছ আৰু সৌৰাষ্ট্ৰত ইতিমধ্যে তাণ্ডৱ আৰম্ভ কৰিছে বিপৰ্যয়ে।

দুই তিনিঘণ্টাৰ ভিতৰত এই ঘূৰ্ণীৰ গতিবেগ অধিক বৃদ্ধি পাব বুলি আশংকা কৰিছে বতৰ বিজ্ঞানীসকলে।

গুজৰাটৰ বিভিন্ন প্ৰান্তত আতংকৰ সৃষ্টি কৰিছে বিপৰ্যয়ে।

পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পূৰ্বৰে পৰা প্ৰস্তুতি চলাইছিল গুজৰাট চৰকাৰে।

সাজু কৰি ৰখা হৈছিল NDRFৰ ২৭টাকৈ বৃহৎ দল।

উপকূলীয় অঞ্চলৰ পৰা স্থানান্তৰ কৰা হৈছে ৯০ হাজাৰ লোকক।

১৫খনকৈ বিশেষ জাহাজ আৰু ৭খনকৈ বিশেষ বিমানো জৰুৰী অৱস্থাৰ বাবে সাজু কৰি ৰখা হৈছে।

সাগৰীয় ঘূৰ্ণী বিপৰ্যয়ৰ আংশিক প্ৰভাৱ অসমতো পৰাৰ পুৰামাত্ৰাই সম্ভাৱনা আছে।

ৰাজস্থান, মহাৰাষ্ট্ৰ, কৰ্ণাটক, লক্ষদ্বীপ, কেৰেলা, অৰুণাচল আৰু মেঘালয়ত বিপৰ্যয়ৰ আংশিক প্ৰভাৱ পৰাৰ সম্ভাৱনা।

বিভিন্ন এলেকাত ইতিমধ্যে বতাহৰ গতিবেগ বৃদ্ধি পোৱাৰ লগতে আৰম্ভ হৈছে মজলীয়াৰ পৰা মূষলধাৰ বৰষুণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.