Socialগুজৰাট

বিয়া হ’বলৈ জীৱনসংগী নালাগে, নিজৰ সৈতেই বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু এগৰাকী ভাৰতীয় যুৱতী…

আমাৰ বাবে শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া হৈছে Solo Wedding, যি হৈছে ভাৰতত প্ৰথম। এখন বিবাহৰ মাংগলিক কাৰ্যৰ পৰা আৰম্ভ কৰি হনীমুনলৈকে থাকিব বিবাহখনত। কেৱল নাথাকে এজন দৰা। জীৱনত কেতিয়াও বিয়া হোৱাৰ কথা নভবা ক্ষমাৰ কিন্তু মন আছিল কইনা হোৱাৰ। সেয়েহে নিজৰ সৈতে বিয়া হোৱাৰ সিদ্ধান্ত লয় ক্ষমাই।

‘মে অপনী ফেভৰিট হো’, জব উই মেট চিনেমাখনত যেতিয়া কৰীণা কাপুৰে এই সংলাপটো কৈছিল, তেতিয়া অভিনেত্ৰীগৰাকীয়ে জনা নাছিল যে, এদিন তেওঁ কোৱা এই কথাষাৰিয়েই ২৪ বছৰীয়া ক্ষমা বিন্দুৰ বাবে হৈ পৰিব অনুপ্ৰেৰণাৰ কাৰণ। শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব গুজৰাটৰ কন্যা ক্ষমা বিন্দুই।

 

১১ জুন তাৰিখে ভাৰতত হ’ব এখন বিশেষ বিয়া। কিয়নো এই বিয়াখনত দৰা-কইনা বুলিবলৈ দুজন লোক নাই। আছে কেৱল এগৰাকী যুৱতী। নিজৰ সৈতেই বিয়াত বহিব ২৪ বছৰীয়া ক্ষমা। ১১ জুনত বিবাহপাশত আৱদ্ধ হ’ব ক্ষমা। সেন্দুৰ ঢালিব নিজৰ শিৰত।

 

আমাৰ বাবে শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া হৈছে Solo Wedding, যি হৈছে ভাৰতত প্ৰথম। এখন বিবাহৰ মাংগলিক কাৰ্যৰ পৰা আৰম্ভ কৰি হনীমুনলৈকে থাকিব বিবাহখনত। কেৱল নাথাকে এজন দৰা। জীৱনত কেতিয়াও বিয়া হোৱাৰ কথা নভবা ক্ষমাৰ কিন্তু মন আছিল কইনা হোৱাৰ। সেয়েহে নিজৰ সৈতে বিয়া হোৱাৰ সিদ্ধান্ত লয় ক্ষমাই।

কি হয় Sologamy অথবা Self Marriage?

 

এয়া হৈছে এখন প্ৰতীকি বিবাহ। য’ত নিজৰ সৈতে থকা গভীৰ ভালপোৱাক উদঙাই দিয়া হয়। এয়া বিশ্বাস কৰা হয় যে, নিজৰ সুখৰ বাবে অন্য লোকৰ কোনো প্ৰয়োজন নাথাকে। বহুতেই এয়া আত্মপ্ৰেমক উদযাপন কৰাৰ এক উৎকৃষ্ট পথ বুলি কয় যদিও, সমালোচকে এয়া কেৱল গুৰুত্ব পাবৰ বাবে কৰা কাম বুলিহে বিবেচনা কৰে। ১৯৯৩ চনৰ পৰাই প্ৰচলিত হৈ আছে এই Sologamy অথবা আত্মকেন্দ্ৰিক বিবাহ। ১৯৯৩ চনতে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ এগৰাকী মহিলা লিন্দা বাৰ্কাৰে নিজৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেতিয়াৰে পৰাই বিশ্বজুৰি বহু ঠাইত সম্পন্ন হৈছে এই আত্মকেন্দ্ৰিক বিবাহ।

 

১১ জুন শনিবাৰে, নতুনৰ সোৱাদ ল’বলৈ ভাৰতত হ’বলগীয়া ক্ষমা বিন্দুৰ বিশেষ বিয়াৰ বাবে এতিয়া উৎসুকতাৰে বাট চাই ৰৈছে বহুতেই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.