অসমগুৱাহাটীদৈনিক বাতৰিপ্ৰযুক্তিভাৰত

ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ দেহাৱসান, ৭৫ বছৰ বয়সত মৃত্যু বিশিষ্ট ব্যৱসায়ীজনৰ…

৭৫ বছৰ বয়সত মৃত্যু ঘটে ছাহাৰা গ্ৰুপৰ মুৰব্বী সুব্রত ৰয়ৰ

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত মঙলবাৰে হৃদযন্ত্ৰৰ শ্বাস-প্রশ্বাস বন্ধ হৈ পৰাৰ বাবে ছাহাৰা গ্ৰুপৰ মুৰব্বীগৰাকীৰ মৃত্যু

জানিবলৈ পোৱা অনুসৰি ৰয়ৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতাল এণ্ড মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটত ভৰ্তি কৰোৱা হয়

দুৰাৰোগ্য মেটাষ্টেটিক মেলিগনেন্সি, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ আদিৰ দৰে জটিল ৰোগৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছিল ৰয়ে

নিশা ১০:৩০ বজাত হৃদযন্ত্ৰৰ শ্বাস-প্রশ্বাস বন্ধ হৈ চিকিৎসালয়ত মৃত্যু হয় ৰয়ৰ

ছাহাৰাই দুখ প্ৰকাশ কৰি কয়, ‘গভীৰ দুখৰ সৈতে ছাহাৰা ইণ্ডিয়া পৰিয়ালৰ পৰিচালন কর্মী তথা অধ্যক্ষ আমাৰ মাননীয় ‘সহাৰাশ্ৰী’ সুব্ৰত ৰায় চাহাৰা ডাঙৰীয়াৰ মৃত্যুৰ কথা অৱগত কৰিছো’

তেওঁৰ অভাৱ সমগ্ৰ চাহাৰা ইণ্ডিয়া পৰিয়ালে গভীৰভাৱে অনুভৱ কৰিব

ৰয়ৰ দুটা কোম্পানীয়ে বিনিয়োগকাৰীক ২০ হাজাৰ কোটি টকা ঘূৰাই নিদিয়াৰ ফলত উদ্ভৱ হোৱা অৱমাননাৰ গোচৰত উচ্চতম ন্যায়ালয়ত হাজিৰ নোহোৱাৰ বাবে ২০১৪ চনত ৰয়ক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল

পৰৱৰ্তী সময়ত ৰয়ে জামিন লাভ কৰে যদিও তেওঁ ব্যৱসায়ত বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.