Socialঅৰ্থনৈতিক

সংকটত শ্ৰীলংকা! খাদ্য, বিদ্যুৎ, ঔষধৰ অবিহনে পাৰ কৰিছে জীৱন…

শেহতীয়াকৈ শ্ৰীলংকাৰ চিকিৎসালয়ত ম'বাইলৰ ফ্লাচৰ পোহৰত হৃদৰোগীৰ চিকিৎসা কৰাৰ কথাও পোহৰলৈ আহিছে

শ্ৰীলংকাত পৰিস্থিতি ভয়ংকৰ। চিকিৎসালয়ত নাই বিদ্যুৎ, নাই কোনো ঔষধ খাবলৈও নাই খাদ্য। এতিয়া যেন এইয়া সাধাৰণ পৰিস্থিতি শ্ৰীলংকাৰ কলম্বোত।

শেহতীয়াকৈ শ্ৰীলংকাৰ চিকিৎসালয়ত ম’বাইলৰ ফ্লাচৰ পোহৰত হৃদৰোগীৰ চিকিৎসা কৰাৰ কথাও পোহৰলৈ আহিছে। তাৰোপৰি চিকিৎসালয়সমূহক নৱজাতকৰ হাঁওফাঁওলৈ অক্সিজেন যোগান ধৰাৰ বাবে ব্যৱহৃত এণ্ডোট্ৰেকিয়েল টিউববোৰ বীজাণুমুক্ত আৰু পুনৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যাৰ ফলত সংক্ৰমণ বৃদ্ধিৰ সম্ভাৱনাও আছে।
চিকিৎসালয়ত ব্যৱহৃত অত্যাৱশ্যকীয় ঔষধৰ গুৰুতৰ অভাৱ হৈ পৰিছে শ্ৰীলংকাত।

ইফালে, শ্ৰিলংকাৰ ৰাষ্ট্ৰপতি ব্যস্ত গাদি বচোৱাত। গোটাবায়া ৰাজপাক্সে নতুন চৰকাৰ গঠনৰ বাবে বিৰোধীৰ সহযোগিতাও বিচাৰিছিল। অৱশ্যে, বিৰোধীয়ে প্ৰস্তাৱ নাকচ কৰে। এনে পৰিস্থিতিত, তেওঁ ভংগ কৰে কেবিনেট। গোটাবায়াই বিভিন্ন মন্ত্ৰালয়ৰ নতুন দায়িত্বৰ সৈতে ১৭ জন সদস্যক নিযুক্তি দিছে। পুৰণি মন্ত্ৰীসভাৰ এই নৱনিযুক্ত সদস্যসকল তেওঁৰ নিজৰ দলৰ প্ৰতিনিধি।

দেশৰ জনসাধাৰণে এনে দুৰ্বিক্ষৰ সমগ্ৰ ৰাজপক্ষ পৰিয়ালক দোষাৰোপ কৰিছে। শ্ৰীলংকাৰ লোকসকলে ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে, সমস্বৰে ৰাজপথলৈ ওলাই আহি অব্যাহত ৰাখিছে প্ৰতিবাদ। আৰু ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবী কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 1 =

Back to top button