অৰ্থনৈতিকভাৰতমনোৰঞ্জন

দেশ এৰিব মুকেশ আম্বানীয়ে?

বিলাসী জীৱন যাপনৰ বাহিৰে এইবাৰ শেহতীয়াকৈ আম্বানী পৰিয়ালে এটা বিষয়ৰ বাবে পুনৰ দখল কৰিছে শিৰোনাম

বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তিৰ তালিকাত মুকেশ আম্বানী এক চিৰপৰিচিত নাম। দিন যোৱাৰ লগে লগে সম্পদৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে ৰিলায়েন্স গোটৰ মালিক মুকেশ আম্বানীৰ।

স্বপ্ননগৰী মুম্বাইত আম্বানীয়ে বাস কৰা ‘এণ্টিলিয়া’ নামৰ ৰাজপ্ৰাসাদৰ মূল্য প্ৰায় ১৪ কোটি টকা। ছেভেন ষ্টাৰ হোটেলৰ লেখীয়া আম্বানীৰ ঘৰ। বিলাসবহুল জীৱন-যাপনৰ সমান্তৰালকৈ মুকেশ আম্বানীৰ আছে এটা আইপিএল দল। আম্বানীৰ পত্নী নীতা আম্বানীৰ ব্যৱস্থাপনা আৰু পৰিচালনাত চলি আছে আইপিএল টুৰ্ণামেণ্টৰ আটাইতকৈ জনপ্ৰিয় দল মুম্বাই ইণ্ডিয়ানছ। আম্বানীৰ এই দলটোৱে সৰ্বাধিক বাৰ আইপিএলৰ ইতিহাসত খিতাপ জিকিছে।

পিছে এই বিলাসী জীৱন যাপনৰ বাহিৰে এইবাৰ শেহতীয়াকৈ আম্বানী পৰিয়ালে এটা বিষয়ৰ বাবে পুনৰ দখল কৰিছে শিৰোনাম।

কেইদিনমান আগতে এজন ব্যক্তিয়ে আম্বানীয়ে দেশ এৰি যাবলৈ ওলাইছে বুলি দাবী কৰিছিল। সকলো সম্পত্তিৰ স্থানান্তৰ কৰাৰ লগতে বিদেশৰ মাটিয়েই মুকেশ আম্বানীৰ ঠিকনা হৈ পৰিব বুলি মুকলিকৈ মন্তব্য কৰিছে তেওঁ। এই বিষয়টোক কেন্দ্ৰ কৰি এতিয়া ছ’চিয়েল মিডিয়াত এতিয়া হৈ-চৈ লাগিছে।

মুকেশ আম্বানী সন্দৰ্ভত এনে ধৰণৰ মন্তব্য কৰা ব্যক্তিজনৰো আছে এক বিশেষ পৰিচয়।
আম্বানীৰ দেশত্যাগৰ বাতৰি এনেদৰে ৰাইজৰ মাজত বিয়পাই দিছে জনপ্ৰিয় চলচ্চিত্ৰ সমালোচক কে আৰ কে। এই কথা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে বহুতে ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বহুতে কেআৰকেৰ বক্তব্যক সম্পূৰ্ণ ভিত্তিহীন বুলি আখ্যা দিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button