আন্তঃৰাষ্ট্ৰীয়পৰ্যটনবিশ্ব

আজি বিশ্ব পৰ্যটন দিৱস। বিশ্বব্যাপী পালন এই দিৱস

এই বৰ্ষৰ বিশ্ব পৰ্যটন দিৱসৰ মূল বিষয়বস্তু হৈছে 'Rethinking Tourism' অৰ্থাৎ পৰ্যটনৰ বিষয়ে পুনৰ চিন্তা কৰা

আজি বিশ্ব পৰ্যটন দিৱস। প্ৰতি বছৰৰ ২৭ ছেপ্টেম্বৰ দিনটো বিশ্বব্যাপী পালন কৰা হয় এই দিৱস। ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত ১৯৮০ চনৰ পৰা সকলো সদস্য দেশে এই দিৱস পালন কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা অৰ্থাৎ United Nations World Tourism Organisation য়ে আৰম্ভ কৰা এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলা লগতে বিশ্বৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰচাৰ কৰা।

 

তদুপৰি পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বব্যাপী প্ৰচাৰ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য। এই বৰ্ষৰ বিশ্ব পৰ্যটন দিৱসৰ মূল বিষয়বস্তু হৈছে ‘Rethinking Tourism’ অৰ্থাৎ পৰ্যটনৰ বিষয়ে পুনৰ চিন্তা কৰা। সকলোৱে পৰ্যটন খণ্ডৰ বিকাশৰ বিষয়ে জনা আৰু কোভিড-19 মহামাৰীৰ পিছত পৰ্যটনৰ পৰ্যালোচনা আৰু পুনৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়াই হৈছে এইবাৰৰ পৰ্যটন দিৱসৰ মূল তাৎপৰ্য। এখন ৰাষ্ট্ৰৰ অৰ্থনীতি উন্নত কৰাত পৰ্যটনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

 

 

এইবাৰ অসমটো নতুনকৈ মুকলি কৰা হৈছে কেইবাখনো পৰ্যটনস্থলী। এক দীঘলীয়া বিৰতিৰ মূৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। লগতে মুকলি কৰা হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বিশ্ব পৰ্যটন দিৱস উপলক্ষে আজি মানস ৰাষ্ট্ৰীয় উদ্যানত আয়োজন পৰ্যটন দিৱসৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + one =

Back to top button