অসমঅসম আৰক্ষীগুৱাহাটীছিংগাপুৰদিল্লীশিল্পীসংগীতসংস্কৃতিস্বাস্থ্য

সৰুসজাইত ৰখা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ

অনুৰাগীয়ে শেষ বাৰৰ বাবে চাব পাৰিব প্ৰাণৰ শিল্পী গৰাকীক

যাৰ হামিঙে হৃদয়ত ভালপোৱাৰ জোৱাৰ তোলে, যাৰ সুৰ সিৰাই সিৰাই ৰক্ত হৈ বাগৰে
যাৰ শব্দত ভাঁহি উঠে সপোন, যি অসমবাসীৰ প্ৰাণতকৈও আপোন
পাখি মেলা অতীতৰ পৰা বৰ্তমান-ভৱিষ্য়ত,
দিন-বছৰ-দশক-যুগ
এটাই নাম, এসাগৰ ভালপোৱা
“জুবিন গাৰ্গ”

যাওঁ বুলি নোকোৱাকৈয়ে গুচি গ’ল জুবিন গাৰ্গ। প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ গ’লগৈ কাহানিও ঘূৰি নহাৰ বাটেৰে। চৌদিশে কেৱল কান্দোনৰ ৰোল। কোন হ’ব কাৰ সমভাগী?

ইতিমধ্য়ে ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে। এয়াৰ এম্বুলেঞ্চেৰে অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। ছিংগাপুৰৰ পৰা পোনে পোনে নতুন দিল্লীলৈ অনা হ’ব জুবিনক। তাৰ পিছত গুৱাহাটীৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ আনিব নশ্বৰদেহ। পৰৱৰ্তী সময়ত সৰুসজাই ষ্টেডিয়ামত ৰখা হ’ব শিল্পী গৰাকীৰ মৃতদেহ। প্ৰশাসনে তন্ন তন্নকৈ পৰীক্ষা কৰিছে ষ্টেডিয়ামৰ প্ৰতিটো চুক কোণ। উল্লেখযোগ্য় যে, মুখ্যমন্ত্ৰী নিজে সৰুসজাইত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

সৰুসজাইত এদিনৰ বাবে ৰখা হব জুবিন গাৰ্গৰ নশ্বৰ দেহ। প্ৰতিগৰাকী অনুৰাগীয়ে শেষ বাৰৰ বাবে চাব পাৰিব প্ৰাণৰ শিল্পী গৰাকীক। শেষকৃত্য়ৰ বাবে পৰৱৰ্তী পৰ্যায়ত গ্ৰহণ কৰিব সিদ্ধান্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.