অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশক লৈ ক্ষোভ প্ৰকট খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশক লৈ ক্ষোভ প্ৰকট খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ।

মাইক্ৰ’ব্লগিং চাইট Xত ক্ষোভ উজাৰিলে শাসকীয় পক্ষৰ বিধায়কজনে।

প্লাষ্টিক আৱৰ্জনাৰে লোতেৰা হৈ পৰা কাজিৰঙাৰ তিনিখন ফটো Xত শ্বেয়াৰ কৰে বিধায়কজনে।

ফটোকেইখন শ্বেয়াৰ কৰি বিধায়ক শইকীয়াই উল্লেখ কৰে– কাজিৰঙাৰ অন্ধকাৰ দিশ এইটো।

কাজিৰঙাৰ কেন্দ্ৰস্থল কহৰা চাৰিআলিৰ লেতেৰা পৰিৱেশৰ ছবি কেইখন প্ৰচাৰ কৰি বিধায়ক শইকীয়াৰ প্ৰশ্ন– এয়াই গুণগত পৰ্যটন নেকি?

পৰ্যটনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাক কটাক্ষ কৰি শইকীয়াৰ প্ৰশ্ন–পৰ্যটন বিভাগৰ কাম অকল ৰাজহ সংগ্ৰহ হে নেকি?

বিদেশী পৰ্যটকৰ সন্মুখত কাজিৰঙাৰ পৰিৱেশক লৈ আমি লজ্জিত বুলিও ক্ষোভ প্ৰকাশ বিধায়কজনৰ।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.