অপৰাধঅসমআঞ্চলিক

নৃশংস! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ

শোণিতপুৰৰ মিছামাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা

নৃশংস! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ
শোণিতপুৰৰ মিছামাৰীত চাঞ্চল্যকৰ ঘটনা

শোণিতপুৰ জিলাৰ মিছামাৰীত চাঞ্চল্যকৰ ঘটনা! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ। ২৩ আগষ্টত ভেৰভেৰী গাঁৱৰ পৰশুৰাম কুৰ্মীৰ পুত্ৰ পৱন কুৰ্মীক নিজ গৃহৰ গোহালি ঘৰৰ কাষত মৃত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে৷

চোকা অস্ত্ৰৰে আক্ৰমণ চলাই হত্যা কৰি পেলাই থোৱা হৈছিল মৃতদেহটো৷ পৱন কুৰ্মী নিশা প্ৰায় ৯ মান বজাত সুৰাপান কৰি শুই থকা পিতৃক অশালীন গালিগালাজ পৰাৰ অভিযোগ। পিতৃ পৰশুৰামে হাতত কুঠাৰ লৈ বাহিৰলৈ ওলাই আহে আৰু কিছু সময় তৰ্ক-বিতৰ্ক চলাৰ পাছতে আন্ধাৰৰ সুযোগ লৈ হাতৰ কুঠাৰেৰে পুত্ৰ পৱন কুৰ্মীক উপৰ্যুপৰি প্ৰহাৰ কৰাত শেষ নিশ্বাস ত্যাগ কৰে পৱন কুৰ্মীয়ে ৷

অভিযুক্ত পিতৃ পৰশুৰাম কুৰ্মীক আটক কৰিছে আৰক্ষীয়ে৷ আটকাধীন পৰশুৰাম কুৰ্মীক আৰক্ষীয়ে তেজপুৰ জিলা জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.