ভাৰত

মাত্ৰ ৯ ছেকণ্ডতে ধ্বংস হ’ব ৪০ মহলীয়া টুইন টাৱাৰ

দেওবাৰে ধ্বংস কৰা হ’ব নয়দাস্থিত ছুপাৰটেক আকাশচুম্বী অট্টালিকা টুইন টাৱাৰ, কুটুব মীনাৰতকৈও ওখ এই ছুপাৰটেক টুইন টাৱাৰ দুটা

মাত্ৰ ৯ ছেকণ্ডতে ধ্বংস হ’ব ৪০ মহলীয়া টুইন টাৱাৰ
কুটুব মিনাৰতকৈ ওখ এই টুইন টাৱাৰ

দেওবাৰে ধ্বংস কৰা হ’ব নয়দাস্থিত ছুপাৰটেক আকাশচুম্বী অট্টালিকা টুইন টাৱাৰ। বৃহৎ অট্টালিকাত বাস কৰা নিৱাসীসকলে ইতিমধ্যে নিজৰ ফ্লেটসমূহ খালী কৰাত ব্যস্ত হৈ পৰিছে। ২৮ আগষ্টত ধ্বংসস্তুপত পৰিণত হ’ব টুইন টাৱাৰ দুটা। দিল্লীৰ কুটুব মীনাৰতকৈও ওখ এই ছুপাৰটেক টুইন টাৱাৰ দুটা। দেশখনৰ ভিতৰতে ধ্বংস হ’ব লগা প্ৰথমটো বৃহৎ অট্টালিকা টুইন টাৱাৰ। তথ্য অনুসৰি, গৌতম বুদ্ধ নগৰৰ এমাৰ্ল্ড ক’ৰ্টত ছুপাৰটেক লিমিটেডে নিৰ্মাণ কৰা ৩০ আৰু ৩২ মহলাৰ এই বিশাল অট্টালিকা ধ্বংস কৰাৰ দায়িত্ব দিয়া হৈছে মুম্বাইস্থিত এডিফিছ ইঞ্জিনিয়াৰিং আৰু ইয়াৰ সহযোগী ফাৰ্ম দক্ষিণ আফ্ৰিকাস্থিত জেট ডিম’লিচনক।

বৃহৎ অট্টালিকা দুটাত বাস কৰা আৰু অট্টালিকাৰ কাষৰ চুবুৰীয়া ৫,০০০ৰো অধিক লোকে ২৮ আগষ্টৰ পুৱা ৭.৩০ বজাৰ ভিতৰত চৌহদটো খালী কৰিব লাগিব। টুইন টাৱাৰ ধ্বংস কৰাৰ সময়ত ধ্বংস কৰিবলৈ ব্যৱহাৰ কৰা ৩, ৫০০ কিলোগ্ৰামতকৈও অধিক বিস্ফোৰণে কপাই তুলিব সমগ্ৰ অঞ্চল৷ ধ্বংস হোৱাৰ সময়ত টুইন টাৱাৰৰ কাষৰ পাৰ্চভনাথ প্ৰেষ্টিজ আৰু পূৰ্বাঞ্চল চিলভাৰ চিটিত বাস কৰা নিৱাসীসকলক উক্ত দিনটোত আহাৰ আৰু পানীৰ যোগান ধৰা হ’ব।

টুইন টাৱাৰ ভঙাৰ পিছতো টুইন টাৱাৰ ধ্বংসৰ দায়িত্বত থকা দলটোৱে অনুমতি নিদিয়ালৈকে টুইন টাৱাৰ পাৰ্শ্বৱৰ্তী কোনো লোক নিজৰ এপাৰ্টমেণ্টলৈ ঘূৰি যাব নোৱাৰিব৷ আকাশচুম্বী অট্টালিকা টুইন টাৱাৰ ধ্বংসৰ দায়িত্বত থকা দলটোৱে অট্টালিকাকেইটাৰ গাঁথনিত ৩,৫০০ কিলোগ্ৰামতকৈও অধিক বিস্ফোৰণৰ সামগ্ৰীৰে ১০০ মিটাৰ দূৰত্বৰ পৰা বিস্ফোৰণটো পৰিচালনা কৰিছে। এডিফিছ ইঞ্জিনিয়াৰিং আৰু ইয়াৰ সহযোগী ফাৰ্ম জেট ডিম’লিচনে ২৮ আগষ্টৰ আবেলি ২ বাজি ৩০ মিনিটত টাৱাৰ দুটা ভাঙি পেলোৱাৰ কাম আৰম্ভ কৰিব।

উল্লেখ্য যে, ৩০০ কোটি টকাৰে নিৰ্মিত দুয়োটা অট্টালিকা Twin Towers অবৈধভাৱে নিৰ্মাণ কৰাৰ বাবে এই অট্টালিকা দুটা ভাঙি পেলোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 15 =

Back to top button