Social Networkভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত পাকিস্তানৰ প্ৰধানমন্ত্ৰীক উভতি ধৰা ভাৰতৰ কোন এইগৰাকী স্নেহা ডুবে?

কম বয়সীয়া এইগৰাকী বৈদেশিক বিষয়াই ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত পাকিস্তানৰ প্ৰধানমন্ত্ৰীক উচিত প্ৰত্যুৎত্তৰ দিয়া কাৰ্যক শলাগিছে সকলোৱে

সৰ্বত্ৰ চৰ্চাত থকা, ছ’চিয়েল মিডিয়াত খলকনি তুলি থকা এটা নাম হৈছে স্নেহা ডুবে। কিন্তু কোন এই স্নেহা ডুবে? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত পাকিস্তানৰ প্ৰধানমন্ত্ৰীক উচিত প্ৰত্যুৎত্তৰ দি স্নেহা ডুবেই লাভ কৰিছে বিশেষ চৰ্চা।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত দিয়া ভাষণত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰাৰ লগে-লগে পাকিস্তানক সমালোচনা কৰা স্নেহা ডুবে হৈছে ভাৰতৰ ফৰেইন চাৰ্ভিছ অফিচাৰ।

সাধাৰণ সভাৰ ভাষণত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কাশ্মীৰৰ বিষয় উত্থাপন কৰাত উভতি ধৰে ভাৰতে। অফিচাৰ স্নেহা ডুবেই কয় যে, পাকিস্তান নিজেই হৈছে অগ্নিসংযোগকাৰী। কিন্তু নিজকে অগ্নি-যুঁজাৰু বুলি ছদ্মবেশ ধৰি থাকে পাকিস্তানে।

সাধাৰণ সভাৰ আৰম্ভণিৰ ভাষণত ইমৰাণ খানে ২০১৯ চনত ভাৰতে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ কথাও উল্লেখ কৰাৰ লগতে পাকিস্তান পন্থী বিচ্ছিন্নতাবাদী নেতা চৈয়দ আলী শ্বাহ গিলানিৰ মৃত্যুৰ বিষয়ে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰোপৰি ভাৰতত ইছলাম বিৰোধী শক্তিক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰে ইমৰাণ খানে।

কিন্তু ইমৰাণ খানৰ এই মন্তব্যৰ পিছতেই ভাৰতৰ শিৰ উচ্ছ কৰি তীক্ষ্ণ প্ৰত্যুত্তৰ দিয়ে ভাৰতৰ প্ৰথম সচিব স্নেহা ডুবেই। তেওঁ কয় যে, “পাকিস্তানৰ সন্ত্ৰাসবাদী নীতিৰ বাবে সমগ্ৰ বিশ্ব ক্ষতিগ্ৰস্ত হৈছে”। তেওঁ পুনৰ কয় যে “জম্মু-কাশ্মীৰ আৰু লাডাখৰ সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ ভাৰতৰ এক অবিচ্ছেদ্য হয়, অবিচ্ছেদ্য অংগ আছিল আৰু সদায় থাকিব”।

অৱশ্যে কম বয়সীয়া এইগৰাকী বৈদেশিক বিষয়াই ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত পাকিস্তানৰ প্ৰধানমন্ত্ৰীক উচিত প্ৰত্যুৎত্তৰ দিয়া কাৰ্যক শলাগিছে সকলোৱে। ছ’চিয়েল মিডিয়াত সকলোৰে বাবে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে স্নেহা ডুবে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − eleven =

Back to top button