অসমদৈনিক বাতৰিশিক্ষা

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা, লেখিকা শ্ৰুতিমালা দুৱৰা আৰু নাই

দুৰাৰোগ্য ৰোগত ভুগি থকা শ্ৰুতিমালা দুৱৰাই আজি শেষ নিশ্বাস ত্যাগ কৰে

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা, সুলেখিকা শ্ৰুতিমালা দুৱৰাৰ অকাল বিয়োগ। দুৰাৰোগ্য ৰোগত ভুগি থকা দুৱৰাই আজি শেষ নিশ্বাস ত্যাগ কৰে।

অধ্যাপিকা দুৱৰা (Writer Srutimala Duara) ইংৰাজী সাহিত্যৰ এগৰাকী বিশিষ্ট লেখিকা ৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত আছিল। গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ৰূপে কৰ্মৰত দুৱৰা এগৰাকী সফল আবৃত্তিকাৰ আৰু অভিনেত্ৰী ৰূপে পৰিচিত আছিল।

শ্ৰুতিমালা দুৱৰাই বহুকেইখন উপন্যাস, চুটিগল্প তথা শিশু গ্ৰন্থ ৰচনা কৰি গৈছে। দ্য টাইমছ অৱ ইণ্ডিয়া, দ্য হিন্দু আৰু দ্য আছাম ট্ৰিবিউন কাকতত লিখা-মেলা কৰা দুৱৰাই ১৯৯৫ চনত শিশুসকলক উদ্দেশ্যি ৰচনা কৰা সাধুকথাৰ দেশ শীৰ্ষক প্ৰথমখন গ্ৰন্থ ৰচনা কৰাৰ লগতে ১৯৯৬ চনত প্ৰকাশ পোৱা তেওঁৰ সাধুকথাৰ টোপোলা নামৰ গ্ৰন্থখনক নেচনেল বুক ট্ৰাষ্টে ১৯৯০ ৰ পৰা ১৯৯৮ বৰ্ষৰ শ্ৰেষ্ঠ ভাৰতীয় শিশু সাহিত্য হিচাপে স্বীকৃতি দিয়ে। ২০১৫ চনত লায়ন্স ক্লাবে নাৰীশক্তি বঁটা আৰু ২০১৬ চনত ইণ্টাৰনেচনেল হিউমেন ৰাইটছ কাউন্সিল, অসম শাখাই ৱমেন অৱ দ্য ইয়েৰ বঁটাৰে শ্ৰুতিমালা দুৱৰাক বিভূষিত কৰে। শ্ৰুতিমালা দুৱৰা দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ এগৰাকী ভাষ্যকাৰো আছিল। তেওঁৰ অকাল বিয়োগত সাহিত্য ক্ষেত্ৰখনে গভীৰ দুখ প্ৰকাশ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.