অসমভাৰতৰাজনৈতিক

ৰাজধানী দিল্লীত সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ সোণোৱালৰ!

৮ জুলাইত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সম্প্ৰসাৰণ কৰিব মোদীয়ে

শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০১৯ চনৰ চৰকাৰ গঠনৰ পাছত প্ৰথমবাৰৰ বাবে ৮ জুলাইত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সম্প্ৰসাৰণ কৰিব মোদীয়ে।

উল্লেখযোগ্য যে, বিজেপিৰ ৬ গৰাকী নেতাই কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ মন্ত্ৰী পৰিষদৰ বাবে মহাৰাষ্ট্ৰৰ নাৰায়ণ ৰানে, মধ্যপ্ৰদেশৰ জ্যোতিয়াদিত্য সিন্দিয়া, অসমৰ সৰ্বানন্দ সোণোৱালৰ নাম আগশাৰীলৈ আহিছে।

মঙলবাৰে, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বাবে দিল্লীত উপস্থিত হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সোণোৱালৰ লগতে মহাৰাষ্ট্ৰৰ নাৰায়ণ ৰানে, পশ্চিমবংগৰ শান্তনু ঠাকুৰ, উত্তৰপ্ৰদেশৰ বিজেপিৰ সাংসদ অজয় কুমাৰ মিশ্ৰ উপস্থিত হৈছে ৰাজধানী দিল্লীত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button