খেল

কমনৱেলথ গেমছৰ বাবে ভাৰতীয় মহিলা বক্সিং দলৰ ট্ৰায়েল সম্পন্ন, বাৰ্মিংহামলৈ যাব অসম কন্যা লাভলীনা

কমনৱেলথ গেমছৰ বক্সিং দলৰ নিৰ্বাচিত খেলুৱৈসকল হৈছে-নিখত জাৰীন(৫০ কেজি), লাভলীনা বৰগোহাঁই(৭০), নিতু ঘনগাছ(৪৮ কেজি)আৰু জেচমিন(৬০ কেজি)।

কমনৱেলথ গেমছ ২০২২ৰ বাবে ঘোষণা হ’ল ভাৰতীয় মহিলা বক্সিং দলৰ খেলুৱৈৰ নাম। শনিবাৰে দিল্লীত অনুষ্ঠিত হোৱা বক্সিঙৰ বাছনি প্ৰক্ৰিয়াত নিৰ্বাচিত হ’ল বিশ্ব চেম্পিয়ন নিখত জাৰীন আৰু অলিম্পিক বিজয়ী লাভলীনা বৰগোহাঁইসহ আন দুগৰাকী খেলুৱৈ। ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈকে বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব বক্সাৰকেইগৰাকীয়ে।

 

 

কমনৱেলথ গেমছৰ বক্সিং দলৰ নিৰ্বাচিত খেলুৱৈসকল হৈছে-নিখত জাৰীন(৫০ কেজি), লাভলীনা বৰগোহাঁই(৭০), নিতু ঘনগাছ(৪৮ কেজি)আৰু জেচমিন(৬০ কেজি)।

 

 

কমনৱেলথ গেমছৰ বাবে আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা বক্সাৰৰ নিৰ্বাচন পৰীক্ষাত আধিপত্য বিস্তাৰ কৰি জয় লাভ কৰে লাভলীনা বৰগোহাঁই আৰু নিখত জাৰীনে। বিশ্ব চেম্পিয়ন নিখত জাৰীনে নিৰ্বাচন পৰীক্ষাত হাৰিয়ানাৰ খেলুৱৈ মীনাক্ষীক ৭.০ পইণ্টত পৰাস্ত কৰে আনহাতে লাভলীনাই বক্সাৰ পূজাক শোচনীয়ভাৱে পৰাস্ত কৰে। কমনৱেলথৰ বাবে নিৰ্বাচিত হোৱা আন দুগৰাকী খেলুৱৈয়েও ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button