AssamCMO AssamHimanta Biswa Sarmaleatest updateRegionalSocial

পুনৰ পৰিত্যক্ত ৰূপত ৰূপসী বিমান বন্দৰ; বিমানবন্দৰত নচলে গুৱাহাটী-ৰূপসী-কলকাতাৰ বিমান।

বিমানবন্দৰৰ বন্ধক লৈ ধুবুৰীৰ জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদ।

পুনৰ পৰিত্যক্ত ৰূপত ৰূপসী বিমান বন্দৰ। প্ৰায় ৩ মাহৰো অধিক সময় ধৰি বন্ধ বিমানবন্দৰটো। ৰহস্যজনকভাৱে বন্ধ হৈ পৰে বিমানবন্দৰটো। বিমানবন্দৰত নচলে গুৱাহাটী-ৰূপসী-কলকাতাৰ বিমান। বিমানবন্দৰৰ বন্ধক লৈ ধুবুৰীৰ জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদ। শীঘ্ৰে বিমানবন্দৰটো পুনৰ সক্ষম কৰি তোলাৰ দাবী একাংশৰ।

উল্লেখযোগ্য যে ধুবুৰীকে ধৰি পশ্চিম অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন বাস্তবায়িত কৰি ৩৯ বছৰীয়া অপেক্ষাৰ পিছত  পুনৰ যাত্ৰীবাহী বিমান পৰিসেৱা আৰম্ভ হৈছিল। কিন্তু ৰহস্যজনকভাৱে ৰূপসী বিমানবন্দৰৰ পৰা বিগত ১১০ দিন ধৰি চলাচল কৰা নাই কোনো বিমান। উল্লেখ্য যে, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰনৰ সৈতে হোৱা  এক চুক্তিমৰ্মে ২০২১ বৰ্ষৰ ৭ মাৰ্চৰ পৰা যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰাৰ উদ্দেশ্যে ফ্লাই বিগ নামৰ বিমান পৰিবহণ সংস্থা এটাৰে চৰকাৰকৰ চুক্তি হৈছিল যদিও কোনো জাননী নিদিয়াকৈ অকস্মাৎ বন্ধ হৈ পৰে বিমানৰ চলাচল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button