অপৰাধ

ডাবাং গাঁওবুঢ়া! মাজনিশা যুৱতীৰ ঘৰত সোমাই যুৱতীৰ সৈতে যি কাম কৰিলে, শুনিলে আচৰিত হ’ব আপুনি…

গাঁওবুঢ়া মুষ্টকিনে লৌধ গাঁৱৰে এঘৰ মানুহৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোৰ এগৰাকী যুৱতীৰ চৰিত্ৰৰ ওপৰত যথেষ্ট অশ্লীল মন্তব্য কৰে।

এখন গাঁৱত সংঘটিত এক আচহুৱা ঘটনা। গাঁওবাসীক সুৰক্ষা দিয়াৰ সলনি গাঁওবুঢ়াই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। এটা পৰিয়ালৰ ওপৰত জপিয়াই পৰিল স্বয়ং গাঁওবুঢ়া।

 

এই আজৱ ঘটনা সংঘটিত হৈছে বিহাৰত। বিহাৰৰ লৌধ গাঁৱত গাঁওবুঢ়াৰ আক্ৰমণৰ বলি হ’ল যুৱতী। পিছে ঘটনাৰ আঁৰত থকা কাহিনী শুনিলে চকু কপালত উঠিব আপোনাৰ। গাঁওবুঢ়া মুষ্টকিনে লৌধ গাঁৱৰে এঘৰ মানুহৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোৰ এগৰাকী যুৱতীৰ চৰিত্ৰৰ ওপৰত যথেষ্ট অশ্লীল মন্তব্য কৰে। অকস্মাতে গাঁওবুঢ়াই ঘৰৰ ছোৱালীজনীক বেয়া ব্যৱহাৰ কৰাত পৰিয়ালৰ লোকসকলে তেওঁৰ বিৰোধিতা কৰে।

কিন্তু বিৰোধিতা কৰাটোৱেই যেন ভুল হ’ল, কাল হ’ল পৰিয়ালটোৰ বাবে। খঙত অগ্নিশৰ্মা হৈ গাওঁবুঢ়া মুষ্টকিনে নিজ ভাতৃৰ সৈতে লগ হৈ পৰিয়ালটোৰ সকলো সদস্যৰ সৈতে অভব্য আচৰণ কৰে। কেৱল এয়াই নহয় মুষ্টকিনে পৰিয়ালৰ আন তিনিজনী ছোৱালীকো বেয়া ব্যৱহাৰ কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত নাক কটা যায় এগৰাকী যুৱতীৰ। ঘটনা সংঘটিত হোৱাৰ পাছতেই গাঁওবুঢ়া মুষ্টকিনে নিজকে নিৰ্দোষী সজাই উপস্থিত হয় আৰক্ষী থানাত আৰু নিৰ্যাতিত পৰিয়ালটোৰ বিৰুদ্ধে গোচৰ তৰে। প্ৰকৃত ঘটনা সম্পূৰ্ণৰূপে সলনি কৰি গাঁওবুঢ়াই মনে সজা কাহিনী আৰক্ষীক কয়। তেওঁ কয় যে, ৰাজনৈতিক কথাৰ পৰিপ্ৰেক্ষিতত পৰিয়ালটোৱে গাঁওবুঢ়াক আক্ৰমণ কৰে, যাৰ ফলত আত্মৰক্ষাৰ বাবে তেওঁ যুৱতীগৰাকীক আক্ৰমণ কৰিবলৈ বাধ্য হৈ পৰে।

 

আনহাতে ভুক্তভোগী পৰিয়ালটোৱেও লৌধ গাঁও থানাত উপস্থিত হৈ গাঁওবুঢ়া মুষ্টকিন আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে গোচৰ তৰে আৰু আৰক্ষীৰ আগত সকলো বিৱৰি কয়। লৌধ গাঁও থানাৰ ডি জি পি কুমাৰ ইন্দ্ৰপ্ৰকাশে কয় যে, বৰ্তমান ঘটনাটো দুই পক্ষৰ দাবীতে অনুসন্ধান চলি আছে। পৰৱৰ্তী সময়ত যি পক্ষই দোষী সাব্যস্ত হয়, তেওঁলোককেই কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × one =

Back to top button