অসম

কাৰ্গিলত শত্ৰুৰ সৈতে যুদ্ধ কৰি ত্ৰিৰংগাৰ তলত গৌৰৱে শুই ঘৰলৈ অহা কেপ্টেইন জিন্টু গগৈক সুঁৱৰি…

মৃত্যু নিশ্চিত থকাৰ স্বত্বেও বন্দুকৰ গুলীৰে তেওঁ থকা-সৰকা কৰিছিল শত্ৰু সৈন্যক। প্ৰত্যুত্তৰত অহা শত্ৰু সৈন্যৰ বন্দুকৰ গুলীয়ে কেপ্টেইন জিন্টু গগৈক আঘাত কৰিলেও দেহত শেষ বিন্দু তেজ থকালৈকে যুঁজিছিল কেপ্টেইনগৰাকীয়ে।

দেশ মাতৃক সুৰক্ষা দিয়াৰ স্বাৰ্থত শত্ৰুৰ হাতত কাৰ্গিলত জীৱন আহুতি দিছিল অসমৰ বীৰ সন্তান জিন্টু গগৈয়ে। ১৯৯৯ চনত কাৰ্গিলত প্ৰাণ হেৰুওৱা শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ আজি মৃত্যু বাৰ্ষিকী। ভাৰত-পাকিস্তান সীমান্তৰ কাৰ্গিলত হোৱা যুদ্ধ প্ৰত্যেকজন ভাৰতীয়ৰ মনত খামুচি থকা এখন যুদ্ধ। কাৰ্গিলত নিজৰ জীৱনকো তুচ্ছ কৰি ভাৰতক ৰক্ষা কৰিবৰ বাবে যুদ্ধ কৰি শ্বহীদ হৈছিল কেপ্টেইন জিন্টু গগৈ।

 

 

১৯৭০ চনৰ ২১ নৱেম্বৰত গোলাঘাটৰ খুমটাইত ভাৰতীয় বায়ু সেনাৰ ফ্লায়িং অফিচাৰ থানুৰাম গগৈ আৰু দুলুপ্ৰভা গগৈৰ ঔৰষত জন্ম লাভ কৰিছিল জিন্টু গগৈয়ে। সৰুৰে পৰা দেশসেৱাৰ বাবে অনুপ্ৰেৰণা পোৱা কেপ্টেইন জিন্টু গগৈয়ে ভাৰতীয় সেনাৰ এক শক্তিশালী ৰেজিমেন্ট গাৰৱাল ৰাইফলছ ৰেজিমেন্টৰ ১৭ নম্বৰ বেটেলিয়নত কৰ্তব্যৰত বিষয়া আছিল। দেশৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱাৰ বাবে কেপ্টেইন জিন্টু গগৈয়ে বিবাহৰ দিন ঠিক হোৱাৰ ১২ দিন পাছতে উভতি যাবলগীয়া হৈছিল কৰ্মস্থলীলৈ।

 

 

১৯৯৯ চনৰ ২৯ জুনৰ নিশা আছিল এক উত্তেজনাপূৰ্ণ নিশা। জম্মু-কাশ্মীৰৰ কালা পাহাৰৰ পৰা শত্ৰুক খেদিবলৈ কেপ্টেইন জিন্টু গগৈক দিয়া হৈছিল এক মিছনৰ দায়িত্ব। মিছনৰ দায়িত্ব লৈ কালা পাহাৰলৈ যাওতে তাত বন্দুক টোৱাই ৰৈ আছিল পাকিস্তানী শত্ৰু সৈন্য। শত্ৰুৱে যদিও ভাৰতীয় সৈন্যক আত্মসমৰ্পণ কৰিবলৈ কৈছিল, তথাপি থমকি ৰোৱা নাছিল কেপ্টেইন জিন্টু গগৈ। মৃত্যু নিশ্চিত থকাৰ স্বত্বেও বন্দুকৰ গুলীৰে তেওঁ থকা-সৰকা কৰিছিল শত্ৰু সৈন্যক। প্ৰত্যুত্তৰত অহা শত্ৰু সৈন্যৰ বন্দুকৰ গুলীয়ে কেপ্টেইন জিন্টু গগৈক আঘাত কৰিলেও দেহত শেষ বিন্দু তেজ থকালৈকে যুঁজিছিল কেপ্টেইনগৰাকীয়ে। ২৯ জুনৰ নিশা কাৰ্গিলত হোৱা এই যুদ্ধৰ ভয়াৱহতা ইমানেই বেছি আছিল যে, পাছদিনা যুদ্ধ সংঘটিত হোৱা ঠাইৰ পৰা ১৫০ মিটাৰ দূৰত্বত পোৱা গৈছিল কেপ্টেইনগৰাকীৰ নশ্চৰ দেহ।

 

দেশবাসীক কন্দুৱাই শত্ৰুৰ হাতৰ পৰা দেশ ৰক্ষা কৰি ত্ৰিৰংগা পতাকাৰ তলত নীৰৱে শুই ঘৰলৈ অহা কেপ্টেইন জিন্টু গগৈ সদায় অমৰ। মাত্ৰ ২৮ বছৰ বয়সতে দেশৰ সুৰক্ষাৰ বাবে জীৱন আহুতি দিয়া শ্বহীদ জিন্টু গগৈক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল ‘বীৰ চক্ৰ’ সন্মান। শ্বহীদ কেপ্টেইন জিন্টু গগৈ অসমৰ গৌৰৱ। তেওঁ দেশবাসীৰ গৌৰৱ। জীৱনকো তুচ্ছ কৰি শত্ৰুক পৰাভূত কৰি প্ৰাণ হেৰুওৱা শ্বহীদগৰাকীৰ মৃত্যু বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.