Social Networkপ্ৰযুক্তি

জিঅ’ নেটৱৰ্কৰ লেহেমীয়া গতি, ক্ষোভ উজাৰিলে জিঅ’ ব্যৱহাৰকাৰীয়ে…

একাংশ ব্যৱহাৰকাৰীয়ে ভালদৰে জিঅ' নেটৱৰ্ক পাই থকাৰ পৰিৱৰ্তে আন একাংশই নেটৱৰ্ক নোপোৱাৰ অভিযোগ তুলিছে জিঅ'ৰ বিৰুদ্ধে

লেহেমীয়া হৈছে জিঅ’ নেটৱৰ্কৰ গতি। বহু ব্যৱহাৰকাৰী, উপভোক্তাই অভিযোগ তুলিলে ৰিলায়েন্স জিঅ’ৰ বিৰুদ্ধে।

নেটৱৰ্কৰ অচলাৱস্থাৰ কথা লিখি টুইটাৰতো গ্ৰাহকৰ অভিযোগ। একাংশ ব্যৱহাৰকাৰীয়ে ভালদৰে জিঅ’ নেটৱৰ্ক পাই থকাৰ পৰিৱৰ্তে আন একাংশই নেটৱৰ্ক নোপোৱাৰ অভিযোগ তুলিছে জিঅ’ৰ বিৰুদ্ধে।

বুধবাৰে পুৱাৰ পৰাই জিঅ’ নেটৱৰ্কৰ ক্ষেত্ৰত অসুবিধা পোৱাৰ কথা উল্লেখ কৰে ব্যৱহাৰকাৰীয়ে। জিঅ’ৰ আন একাংশ ব্যৱহাৰকাৰীয়ে কয় যে, জিঅ’ৰ ব্ৰডবেণ্ড কানেকচনো ঠিক নহয়।

Downdetectorৰ তথ্য অনুসৰি হাজাৰ হাজাৰ জিঅ’ ব্যৱহাৰকাৰীয়ে নেটৱৰ্কৰ সমস্যাত ভুগিছে। তথ্য মতে, ৪০০০তকৈ অধিক ব্যৱহাৰকাৰীয়ে ইতিমধ্যে অভিযোগ তুলিছে জিঅ’ৰ বিৰুদ্ধে। ইয়াৰে ৪০%ই কোনোধৰণৰ চিগনেল পোৱা নাই।

উল্লেখ্য যে, জিঅ’ নেটৱৰ্কৰ ফলত মধ্য প্ৰদেশ, চত্তীশগড়, মুম্বাই, দিল্লী, বাংগালুৰু লগতে দেশৰ অন্যান্য চহৰতো অসুবিধা ব্যৱহাৰকাৰী, উপভোক্তা। অৱশ্যে, গ্ৰাহকক সন্তুষ্ট কৰিবলৈ ৰিলায়েন্স জিঅ’ই কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 14 =

Back to top button