Internationalleatest updatenationalPMo indiapoliticalSocialViral

প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত দেখা পোৱা প্ৰানীটো প্ৰকৃততে কি আছিল? পোহৰলৈ আহিল সত্য়।

ৰাষ্ট্ৰপতি ভৱনত হঠাৎ ক'ৰ পৰা ওলাল ৰহস্যময় প্ৰাণী!

দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত চলি আছিল প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান। অনুষ্ঠানৰ মাজতে হঠাৎ ক’ৰ পৰা ওলাল ৰহস্যময় প্ৰাণী! ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে সামাজিক মাধ্যমত লাগিছে তোলপাৰ।

ভিডিঅ’টোত দেখা গৈছে যে এজন মন্ত্ৰীৰ শপত গ্ৰহণ কৰি থকাৰ সময়তেই তেওঁৰ পিছফালে বাঘ সদৃশ এটা জন্তু খোজ কাঢ়ি যোৱা দেখা গৈছে। যদিও ভিডিঅ’টোত স্পষ্টকৈ ধৰিব পৰা নাই যে প্ৰকৃততে জন্তুটো কি, তথাপিও ইয়াৰ আকৃতি বাঘৰ সৈতে বহুত মিল আছে। ভিভিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই বহুতে ইয়াক বাঘ বুলিও দাবী কৰিছে।

প্ৰকৃততে জন্তুটো কি আছিল?

ঘটনাৰ পিছতে দিল্লী আৰক্ষীয়ে স্পষ্ট কৰিছে যে, (৯ জুন) ‘ৰাষ্ট্ৰপতি ভৱনত কোনো ধৰণৰ বন্য জন্তু দেখা পোৱা নাই। কেমেৰাত ধৰা পৰা জন্তুটো এটা পোহনীয়া মেকুৰী। অনুগ্ৰহ কৰি এনে ভিত্তিহীন উৰাবাতৰি পৰিহাৰ কৰক। সামাজিক মাধ্যমত ভাইৰেল হোৱা এই তথ্য একেবাৰে ভুল।’

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.