Assamleatest updatepoliticalSocial

সদনৰ মজিয়াত ফ্লায়িং কিছ দি বিপদত ৰাহুল গান্ধী।

ৰাহুল গান্ধীৰ এই কাৰ্যই সদনৰ গৰিমা লাঘৱ কৰিছে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

গৌৰৱ গগৈৰ পিছত বুধবাৰে সদন উত্তাল কৰিলে ৰাহুল গান্ধীয়ে। অনাস্থা প্ৰস্তাৱ বিতৰ্কত অংশ লৈ মণিপুৰত ভাৰত মাতাক হত্যাৰ অভিযোগ ৰাহুল গান্ধীৰ। কৌশেলেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাৱনৰ লগত তুলনা কৰি তীব্ৰ সমালোচনা ৰাহুলৰ। বক্তব্যৰ আৰম্ভণিতে সাংসদ পদ ঘূৰাই দিয়াৰ বাবে সকলোকে ধন্যবাদ জনায় ৰাহুল গান্ধীয়ে। ইফালে, ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰত্যুত্তৰত সদনৰ মজিয়াত সৰৱ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী।

লগতে আন এক নতুন বিতৰ্কত সোমাই পৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। সদনৰ মজিয়াত ফ্লায়িং কিছ দিয়াৰ গুৰুতৰ অভিযোগ তুলিছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। ৰাহুল গান্ধীৰ এই কাৰ্যই সদনৰ গৰিমা লাঘৱ কৰিছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। ইফালে, এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষৰ কাষ চাপিছে বিজেপিৰ কেইবাগৰাকীও মহিলা মন্ত্ৰী আৰু সাংসদ। মহিলা মন্ত্ৰী আৰু সাংসদসকলে ৰাহুল গান্ধীৰ বিৰুদ্ধে অধ্যক্ষ ওম বিৰলাক প্ৰদান কৰিছে লিখিত অভিযোগ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.