Assamassam policeCity newsCMO AssamCultureElectionnorth eastPMo indiapoliticalRegionalSocialSocial Networkঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিৰাজনৈতিক

ডিব্ৰুগড়ত উপস্থিত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান

নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত AAPৰ নেতাগৰাকী

ডিব্ৰুগড়ত উপস্থিত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত AAPৰ নেতাগৰাকী । দুখনকৈ নিৰ্বাচনী সভাত অংশ ভগৱন্ত মানৰ । টিংৰাইত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাড়ৰ হৈ প্ৰচাৰ ভগৱন্ত মানৰ । বিশ্বনাথ চাৰিআলিত ৰোড শ্ব’ত অংশ ভগৱন্ত মানৰ । শোণিতপুৰৰ ঋষিৰাজ কৌণ্ডিন্যৰ হৈ বিশ্বনাথত ৰোড শ্ব’প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমত উপস্থিত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ৷ দুদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ পঞ্জাবৰ আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী গৰাকী । ১৩ এপ্রিলত বিশ্বনাথ চাৰিআলিত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্রী ভগৱন্ত মানে। দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব ৰোড শ্ব’ কাৰ্যসূচী। দলৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নিৰ্বাচনী প্ৰচাৰৰ হকে অনুষ্ঠিত হ’বলগীয়া ৰোড শ্ব’ কাৰ্যসূচী মুকলি কৰিব পঞ্জাবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। ১৩ তাৰিখ শনিবাৰে সামৰণি পৰিব মুখ্যমন্ত্ৰী মানৰ দুদিনীয়া ভ্রমণসূচী। মুখ্যমন্ত্ৰী মানৰ এই দুদিনীয়া ভ্রমণসূচীৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই । উল্লেখ্য যে আপৰ ৰাষ্ট্ৰীয় নেত্রী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীৰ তিনিদিনীয়া ভ্রমণসূচী তথা নিৰ্বাচনী প্রচাৰে অসমবাসীৰ পৰা ব্যাপক সঁহাৰি লাভৰ পাছতে অসমলৈ পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + thirteen =

Back to top button