Internationalleatest updateঅভিনয়অসমগুৱাহাটীভাৰতমনোৰঞ্জন

আহি আছে প্ৰিয়ংকাৰ ৱেব চিৰিজ ‘চিটাডেল’, চাবনে আপুনিও?

প্ৰিয়ংকাৰ চাৱনিত ঘায়েল স্বামী নিক জোনাছ !

বহুদিন ধৰি প্ৰিয়ংকা চোপ্ৰাই বলীউডৰ ছবিত কাম কৰা নাই। এইবাৰ অভিনেত্ৰীগৰাকীয়ে ‘মার্ভেল’ খ্যাত ৰুচো ব্রাদাৰ্ছৰ সৈতে কাম কৰিবলৈ সুবিধা পাইছে।

‘চিটাডেল’ৰ কিছু দৃশ্য এতিয়া মানুহৰ মাজত বিয়পি পৰিছে। প্ৰিয়ংকাই ৱেব শৃংখলাটোত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

প্ৰিয়ংকাই অভিনয় কৰিছে GAME OF THRONES’ ৰ তাৰকা ৰিচাৰ্ড মেডেনৰ সৈতে। অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ পৰা তেওঁৰ স্বামী নিক জোনাছলৈকে সকলোৱে এতিয়া প্ৰিংকাৰ অভিনয় দেখি আচৰিত হৈ পৰিছে ৷ পত্নী প্ৰিয়ংকাই যে ইমান সুন্দৰ অভিনয় কৰে সেয়া নিক জোনাছে যেন এতিয়াহে ভালদৰে উপলব্ধি কৰিব পাৰিছে ৷

প্ৰিয়ংকা পোহৰ আৰু অন্ধকাৰত বন্দুক লৈ ৰে’লৰ দবা এটাত বহি আছে। পিন্ধনত ৰঙা পোছাক, ওঁঠত গাঢ় ৰঙা লিপষ্টিক। এই শৃংখলাটোত প্রিয়ংকাৰ চকুৰ কঠিন অভিব্যক্তিত স্পষ্ট হৈ পৰিছে। আন এটা ৰূপত, ‘দেশী গার্ল’ ৰিচাৰ্ড মেডেনৰ সৈতে অলপ ঘনিষ্ঠ মুহূৰ্তত দেখা গৈছে প্ৰিংকাক। এই শৃংখলাটোত প্ৰিয়ংকাৰ চৰিত্ৰটোৰ নাম নাদিয়া সিং।

‘দ্য ডেভিল ৱাৰ্ছ প্ৰাডা’ খ্যাত তাৰকা ষ্টেনলী টুচিয়েও এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷ প্ৰিয়ংকাই ‘চিটাডেল’ৰ বাবে কেইবাটাও একচন দৃশ্যত অভিনয় কৰিছে।

অভিনেত্ৰীগৰাকীয়ে ষ্টাণ্ট প্ৰদৰ্শন কৰোঁতে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁ সেই ছবিবোৰ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল। সেয়ে ছচিয়েল মিডিয়ত প্ৰিয়ংকাৰ পোষ্টৰ তলত তেওঁ এটা জুইৰ ইমোজি দিছে। ইনষ্টাগ্ৰামত পত্নীৰ প্ৰিয়ংকাকলৈ নিকে লিখিছে, “মই তোমাকলৈ লৈ গৌৰৱান্বিত”। সামান্থা ৰুথ প্ৰভু, ৰাজকুমাৰ ৰাওৰ দৰে চেলিব্রিটিসকলেও প্রিয়ংকাক প্ৰশংসা কৰিছে। সামান্থাই ‘চিটাডেল’ৰ ভাৰতীয় সংস্কৰণত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.