leatest updateঅসমগুৱাহাটীভাৰতৰাজনৈতিক

কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত, চাহ বাগিচাত ৫০০টা দক্ষতা কেন্দ্ৰ নিৰ্মাণৰ বাবে ৭৫০ কোটি টকা

জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ৰাজ্যৰ জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। চাহ বাগিচাত যুৱ দক্ষতা বৃদ্ধি, ৰাজ্যিক কৰ্মচাৰীৰ ‘আপোন ঘৰ’আঁচনি আৰু ভূমি সংৰক্ষণ সেৱা নীতিক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam Cabinet Decisions)।

চাহ বাগিচাত যুৱ দক্ষতা বৃদ্ধিৰ বাবে কেবিনেট বৈঠকে লোৱা সিদ্ধান্ত অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ‘মহাপ্রভু জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্ৰ’ আঁচনিৰ প্ৰথম পৰ্যায়ৰ অধীনত চাহ বাগিচাত ৫০০টা জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্ৰ নিৰ্মাণৰ বাবে ৭৫০ কোটি টকা ধাৰ্য।

এই প্রকল্পই বিভিন্ন সাংস্কৃতিক আৰু সম্প্ৰদায়ৰ প্ৰয়োজনীয়তাৰ দিশত প্ৰতিখন চাহ বাগিচাৰ লগতে সামূহিক কেন্দ্ৰসমূহত দক্ষতাৰ সুবিধা প্ৰদান কৰি চাহ বাগিচা সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া প্রয়োজনীয়তা পূৰণ কৰাৰ আশা কৰা হৈছে।

আনহাতে ৰাজ্যিক কৰ্মচাৰীৰ ‘আপোন ঘৰ’ আঁচনিৰ অধীনত ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে সুত সাহায্যৰ প্ৰয়োজনীয়তা পূৰ্ণৰ বাবে ১০৪.৫৭ কোটি টকা অনুমোদন দিয়া হৈছে। এই কাৰ্যৰ দ্বাৰা ৰাজ্যিক কৰ্মচাৰীসকলে গৃহ ঋণ লাভ কৰাত সহায়ক হ’ব। উল্লেখ্য, ১ ৩৬,১৫৯গৰাকী কৰ্মচাৰীয়ে বৰ্তমানলৈ ‘আপোন ঘৰ’ আঁচনিৰ অধীনত সুবিধা লাভ কৰিছে।

ইয়াৰ লগতে ভূমি সংৰক্ষণ সেৱা নীতিৰ ক্ষেত্ৰত ভূমি সংৰক্ষণ বিভাগত প্ৰশাসন ব্যৱস্থা সুশৃংখলিত কৰাৰ লক্ষ্যৰে অসম ভূমি সংৰক্ষণ সেৱা নীতি, ২০২৩ত অনুমোদন জনোৱা হৈছে। বিভাগটোৰ বিভিন্ন বিষয়াৰ পদোন্নতি আৰু নিযুক্তিৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰাৰ বিষয়েও আলোচনা কৰা হয়। এই পদক্ষেপে কৰ্মচাৰীসকলক প্ৰেৰণা যোগোৱাৰ লগতে সেৱা বিষয়ক অসুবিধাসমূহ আঁতৰ কৰিব।

ইয়াৰ লগতে বিহুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি দিয়াৰ বাবে চৰকাৰে কৰা গীনিজ ৰেকৰ্ডৰ পৰিকল্পনা সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button