leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

প্ৰিয়লীনা সাহসী ছোৱালী, তাই কেতিয়াও তেনেকুৱা কৰিব নোৱাৰে’ – কান্দি কান্দি ক’লে বান্ধৱীয়ে

‘‘প্ৰিয়লীনা এগৰাকী সাহসী ছোৱালী, তাই কেতিয়াও তেনে কৰিব নোৱাৰে

‘‘প্ৰিয়লীনা এগৰাকী সাহসী ছোৱালী। তাই কেতিয়াও তেনে কৰিব নোৱাৰে। তাই ইউটিউবক লৈ যথেষ্ট সপোন দেখিছিল। তাইক হত্যা কৰা হৈছে।’’ – এই ভাষ্য প্ৰিয়লীনাৰ এগৰাকী বান্ধবীৰ।

কান্দি কান্দি প্ৰিয়লীনাৰ মৃত্যুৰ উচিত ন্যায় দাবী কৰে বান্ধৱীগৰাকীয়ে। যুৱতীগৰাকীয়ে কয়, ‘তাই ৰাইড কৰি ভাল পাইছিল৷ ৰাইড কৰি দেৰিকৈ ঘৰলৈ ওভতাৰ বাবে তাইক ঘৰত বেয়া পাইছিল । কিছু কথাত কাজিয়া হৈছিল তাইৰ পংকজৰ সৈতে।’

উল্লেখযোগ্য যে খুব কম দিনৰ ভিতৰতে ‘চাংগি ব্লগাৰ’ নামেৰে ইউটিউব চেনেলৰ জৰিয়তে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰিয়লীনা নাথ ৷ সফল ইউটিউবাৰৰ সমান্তৰালকৈ এগৰাকী ভাল বাইক ৰাইডাৰো আছিল প্ৰিয়লীনা নাথ (Priyolina Nath) ৷

৬ মাহ পূৰ্বে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰিয়লীনাই চিনাকী হৈছিল জামুগুৰিহাটৰ পংকজ নাথৰ সৈতে৷ সেই চিনাকী লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। পৰিয়ালৰ সন্মতিক্ৰমে ৩ মাহ পূৰ্বে দুয়োৰে আইনী বিবাহ হয়। তাৰ পিছতে পংকজৰ মাতৃ–ভগ্নী আৰু পিতৃৰ সৈতে বামুণীমৈদামৰ এটা ভাড়াঘৰত থাকিবলৈ লয় প্ৰিয়লীনাই ৷

পংকজৰ মাতৃৰ মতে, পংকজে শনিবাৰে ফাৰ্মাচী বন্ধ কৰি ঘৰলৈ ঘূৰি অহালৈ নিজৰ কোঠাত দুৱাৰ বন্ধ কৰি শুই গৈছিল প্ৰিয়লীনা ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.