ভাৰতৰাজনৈতিক

আজি দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচন

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যসমূহৰ বিধানসভা আৰু সংসদ ভৱনত হৈছে ভোটগ্ৰহণ

আজি দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচন। নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সাংসদ–বিধায়কে কৰিছে ভোটদান। এইবাৰ এন ডি এই দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছে যশৱন্ত সিনহাই। ২১ জুলাইত ফলাফল ঘোষণা হ’ব ফলাফল৷ ২৫ জুলাইত শপতগ্ৰহণ কৰিব নতুন ৰাষ্ট্ৰপতিয়ে।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যসমূহৰ বিধানসভা আৰু সংসদ ভৱনত হৈছে ভোটগ্ৰহণ। সাংসদ আৰু বিধায়কসকলে ভোটদান কৰিছে এই নিৰ্বাচনত। সংসদ ভৱনৰ প্ৰথম মহলাত ৬৩নং কোঠাত ভোটগ্ৰহণ প্ৰক্ৰিয়া। বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভাৰতৰ ১৫সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৪০০০ৰো অধিক সাংসদ আৰু বিধায়কে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। কেইবাটাও আঞ্চলিক দলে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক নিজৰ সমৰ্থন দিয়াৰ লগতে সংখ্যা স্পষ্ট ৰূপত এন ডি এ প্ৰাৰ্থীৰ পক্ষত আছে।

আনহাতে, যশৱন্ত সিনহাক কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, এনচিপি, ভাৰতীয় কমিউনিষ্ট পাৰ্টী, সমাজবাদী পাৰ্টী, নেচনেল কনফাৰেন্স, AIMIM, ৰাষ্ট্ৰীয় জনতা দল আৰু এআইইউডিএফে সমৰ্থন আগবঢ়াইছে। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়েও বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন দিয়াৰ ঘোষণা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button