দুৰ্ঘটনাভাৰত

মধ্যপ্ৰদেশৰ খলঘাটত ভয়ংকৰ বাছ দুৰ্ঘটনা,

দলঙৰ ৰেলিং ভাঙি নৰ্মদা নৈত পৰিল যাত্ৰীবাহী বাছ

মধ্যপ্ৰদেশৰ খলঘাটত ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ দলঙৰ ৰেলিং ভাঙি নৰ্মদা নৈত পৰিল যাত্ৰীবাহী বাছ৷

 

মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা পুনেলৈ গৈ থকা মহাৰাষ্ট্ৰ ৰোড ৱেজৰ বাছ দুৰ্ঘটনা৷ খলঘাট অঞ্চলত দলঙৰ ৰেলিং ভাঙি নৰ্মদা নৈত পৰে বাছখন। এই পৰ্যন্ত ১৩ জন লোক নিহত হৈছে বলি জানিব পৰা গৈছে৷ ১৫ জন লোকক উদ্ধাৰ কৰা হৈছে। বাছখনত আছিল প্ৰায় ৪০ জন লোক। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বতাহ-বৰষুণৰ মাজতে সংঘটিত হৈছে এউ ভয়াৱহ পথ দুৰ্ঘটনাটো৷

বাছ দুৰ্ঘটনাত নিহত পৰিয়ালক মধ্যপ্ৰদেশ চৰকাৰে প্ৰদান কৰিব ৪ লাখ টকাকৈ সাহায্য। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে মৃতকৰ পৰিয়ালক তাৎক্ষণিকভাৱে ১০ লাখ টকা দিবলৈ নিৰ্দেশ দিছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা টুইট অনুসৰি “মধ্যপ্ৰদেশৰ ধাৰত সংঘটিত বাছ দুৰ্ঘটনা দুখজনক”। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ। আন এটা টুইটত PMOই কয় যে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা দুই লাখ টকাকৈ এক্স-গ্ৰেচিয়া ঘোষণা কৰে। তেওঁৰ মতে, দুৰ্ঘটনাত আহত হোৱা প্ৰতিজন ব্যক্তিক ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button