উৎসৱধৰ্মীয়ধাৰ্মিকভাৰত

হনুমান জয়ন্তী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে ১০৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

হনুমান জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ মৰবীত হনুমানৰ ১০৮ ফুটৰ প্ৰতিমূৰ্তি উন্মোচন কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে হনুমান জয়ন্তীত ৰাইজক শুভেচ্ছা জ্ঞাপন কৰি কয় যে ভগৱান হনুমানে শক্তি, সাহস আৰু সংযমৰ প্ৰতীক।

হনুমান জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ মৰবীত হনুমানৰ ১০৮ ফুটৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

হনুমান জয়ন্তী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে ১০৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

‘হনুমানজী চাৰ ধাম’ প্ৰকল্পৰ অংশ হিচাপে সমগ্ৰ দেশৰ চাৰিটা দিশত নিৰ্মাণ কৰা চাৰিটা মূৰ্তিৰ ভিতৰত এই প্ৰতিমূৰ্তিটো দ্বিতীয়।

মোদীয়ে কয়, “আমি বহু বছৰ ধৰি চিমলাত একেধৰণৰ বিশাল হনুমানৰ মূৰ্তি দেখি আহিছো। দ্বিতীয়টো আজি মৰবিত প্ৰতিষ্ঠা কৰা হৈছে। মোক কোৱা হৈছে যে, ৰামেশ্বৰম আৰু পশ্চিম বংগত আৰু দুটা মূৰ্তি স্থাপন কৰা হ’ব,”

মোদীয়ে লগতে কয়, “এয়া কেৱল হনুমানৰ মূৰ্তি স্থাপনৰ এক প্ৰস্তাৱ নহয়, ই ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ’ প্ৰস্তাৱৰ এটা অংশ।”
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে হনুমান জয়ন্তীত ৰাইজক শুভেচ্ছা জ্ঞাপন কৰি কয় যে ভগৱান হনুমানে শক্তি, সাহস আৰু সংযমৰ প্ৰতীক।

ভগৱান হনুমানৰ জন্ম জয়ন্তী উপলক্ষে ভগৱান হনুমানৰ ভক্তসকলে আজি হনুমান জয়ন্তী উদযাপন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button