অসমআঞ্চলিক

কি কি নীতি নিয়ম মানিব লাগিব ৰিহেব চেণ্টাৰ সমূহে! স্পষ্ট কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই

এতিয়াৰে পৰা ৰিহেব চেণ্টাৰ সমূহে অনুমতি ল’ব লাগিব চৰকাৰৰ

ৰিহেব চেণ্টাৰকলৈ অসন্তুষ্ট মন্ত্ৰী পীযুষ হাজৰিকা। নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীৰে সৈতে কেন্দ্ৰৰ পৰিচালনাৰ বিষয়কলৈ বৈঠক মন্ত্ৰী পীযুষ হাজৰিকাৰ।

 

কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰী হাজৰিকাই। এতিয়াৰে পৰা চৰকাৰী নীতি নিয়মত চলিব ৰাজ্যৰ প্ৰতিটো ৰিহেব চেণ্টাৰ। নিচামুক্তি কেন্দ্ৰসমূহে সমাজ কল্যান, GMC, স্বাস্থ্য বিভাগৰ অনুজ্ঞাপত্ৰ ল’ব লাগিব।

 

ৰিহেব চেণ্টাৰৰ আন্তঃগাঠঁনি সন্দৰ্ভটো বিশেষ ব্যৱস্থা গ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। ২০০ বৰ্গ ফুটৰ এটা কোঠাত কেৱল ৪জন আবাসীহে ৰাখিব পাৰিব। টয়লেট, বাথৰুমৰ সুবিধা উন্নত হ’ব লাগিব। কেন্দ্ৰটোত থকা আবাসীৰ পৰা ল’ব পাৰিব ন্যূনতম মাচুল।

 

ডিচেম্বৰৰ ভিতৰত ৰিহেব চেণ্টাৰৰ কোঠাসমূহ ডাঙৰ নকৰিলে অথবা চৰকাৰী নিয়ম নামানিলে চৰকাৰে বন্ধ কৰিব কেন্দ্ৰসমূহ। নিচামুক্তি কেন্দ্ৰত থকা যুৱক যুৱতীক স্কীল ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰা হ’ব। চলিত বছৰৰ শেষত ১০০০ যুৱক যুৱতীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে।

 

নিচামুক্তি কেন্দ্ৰত ছাডেন ভিজিটৰ পাছতে কেন্দ্ৰৰ মইমতালি নিয়ন্ত্ৰণৰ লক্ষ্যৰে কেন্দ্ৰৰ স্বত্বাধিকাৰীৰে বৈঠকত মিলিত হয় মন্ত্ৰী পীযুষ হাজৰিকা। ৰিহেব চেন্টাৰ মালিক সন্থাৰ এখন সমিতিও গঠন কৰা হয় আজি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.