অসমআঞ্চলিক

এসপ্তাহ ধৰি দেওপানী নৈৰ পাৰত ৰৈ আছে এটা মৰম লগা কুকুৰ। কিন্তু কিয়! কাৰণ জানিলে আপুনিও হ’ব আচৰিত

এটা ভৰি নথকাৰ বাবে পানীৰ মাজেৰে সাঁতুৰি যাব নোৱাৰে কুকুৰটোৱে।

এসপ্তাহ ধৰি এইদৰেই দেওপানী নৈৰ পাৰত ৰৈ আছে এটা মৰম লগা কুকুৰ। যোৱা ২৩ আগষ্ট তাৰিখে এখন ওলমা দলঙৰে দেওপানী নৈ পাৰ হৈ আহিছিল এই কুকুৰটোৱে।

 

কিন্তু দুৰ্ভাগ্যবশত সেই দিনাই দেওপানী নৈৰ প্ৰচণ্ড ধলে উটুৱাই লৈ গৈছিল দলং খন। তাৰ পাছৰে পৰা দেওপানী নৈৰ পাৰত বহি এইদৰেই চাই আছে আপোন গাওঁখনলৈ।

 

দেওপানী নৈৰ পাৰত ৰৈ থকা এই মৰম লগা কুকুৰটো উভতি যাব পৰা নাই নিজৰ গাওঁখনলৈ। কাৰণ এটাই কুকুৰটোৰ এখন ভৰি নাই। এটা ভৰি নথকাৰ বাবে পানীৰ মাজেৰে সাঁতুৰি যাব নোৱাৰে কুকুৰটোৱে। যাৰ ফলত অসহায়ৰূপে নৈৰ পাৰত ৰৈ আছে কুকুৰটো।

 

এই দৃশ্য কাৰ্বি আংলং নগাঁও জিলাৰ সীমামূৰীয়া কাৰ্বিআংলং জিলাৰ ছ’চেনধেন্টা পৰিষদীয় সমষ্টিৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.