আন্তঃৰাষ্ট্ৰীয়খেলবিশ্বভাৰত

এচিয়া কাপত ভাৰতীয় ক্ৰিকেট দলত কোন কোন খেলুৱৈয়ে লাভ কৰিলে স্থান! চাওঁক

চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে আজি ৰণত নামিব ইণ্ডিয়া

দেওবাৰ অৰ্থাৎ আজি চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ৰণত নামিব ভাৰতীয় ক্ৰিকেট দলটো। ভাৰতীয় সময় অনুযায়ী আজি সন্ধ্যা ৭ বাজি ৩০ মিনিটত ডুবাইত অনুষ্ঠিত হ’ব ভাৰত পাকিস্তানৰ হাইভল্টেজ মেচখন।

 

 

ডুবাইত অনুষ্ঠিত হৈ থকা এচিয়া কাপত ভাৰতীয় ক্ৰিকেট দলটো মুখামুখি হ’ব পাকিস্তানৰ। ইয়াৰ পূৰ্বে ২৮ আগষ্টত অনুষ্ঠিত হৈ যোৱা লীগত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে ভাৰতীয় দলটিয়ে।

 

লীগ পৰ্যায়ৰ দুয়োখন খেলতে জয়লাভ কৰি চুপাৰ ৪ত স্থান লাভ কৰে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটোয়ে। আনহাতে হংকংক পৰাস্ত কৰি চুপাৰ ৪ত স্থান লাভ কৰে বাবৰ আজম নেতৃত্বাধীন পাকিস্তান ক্ৰিকেট দলটোয়ে।

 

আজি অনুষ্ঠিত হ’বলগীয়া চুপাৰ ৪ৰ দ্বিতীয়খন মেচত আঘাটৰ বাবে অংশ ল’ব নোৱাৰিব অলৰাউণ্ডাৰ ৰবীন্দ্ৰ যাদেজাই। যাৰফলত আজি তীব্ৰ প্ৰত্যাহবানৰ সন্মূখীন হোৱাৰ আশংকা ভাৰতীয় দলটি। ৰবীন্দ্ৰ যাদেজাৰ স্থানত আজি পাকিস্থানৰ বিৰুদ্ধে যুঁজ দিব অক্ষয় পেটেলে।

 

উল্লেখ্য যে, ভাৰতৰ হৈ আজি যুঁজত নামিব ৰোহিত শৰ্মা, কে এল ৰাহুল, বিৰাট কোহলি, সূৰুজ কুমাৰ যাদৱ, দীপক হুদা, ৰিচব পণ্ট, দীনেশ কাৰ্তিক, হাৰ্ডিক পাণ্ডেয়া, অক্ষয় পেটেল, আৰ আশ্বোইন, চেহেল, ভূৱনেশ্বৰ কুমাৰ, ৰবি বিস্নয়, অৱেশ খান আৰু অৰ্ষদীপ সিং

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.