Socialঅসম

ৰাজ্যত ক’লা মানুহৰ আতংক! ক’লা মানুহৰ সন্দেহত মানসিক ৰোগীক আক্ৰমণ একাংশৰ

ক'লা মানুহৰ আতংকই জোকাৰিছে সমগ্ৰ ৰাজ্য । ৰাজ্যৰ ভিন্ন স্থানত ওলাইছে ক'লা মানুহ।

ক’লা মানুহৰ আতংকই জোকাৰিছে সমগ্ৰ ৰাজ্য । ৰাজ্যৰ ভিন্ন স্থানত ওলাইছে ক’লা মানুহ। ক’লা মানুহৰ সন্দেহত এগৰাকী মানসিক ৰোগীক দাৰে ঘঁপিয়ালে একাংশ উদণ্ড লোকে।

গোৱালপাৰাৰ লক্ষীপুৰত সংঘটিত হৈছে এই ঘটনা। সোমবাৰে নিশা আছাদুল হ’ক নামৰ এগৰাকী যুৱকক একাংশ উদণ্ড লোকে ক’লা মানুহৰ সন্দেহত এজন যুৱকক আক্রমণ কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে লক্ষীপুৰত।

সোমবাৰে নিশা লক্ষীপুৰৰ বলাই খামাৰৰ ওচৰৰ শিগিৰিৰ দুইপুলীয়াত থকা ব্ৰেইলি দলঙৰ কাষত সংঘটিত হৈছে এই মৰেল পুলিচৰ ঘটনা। লক্ষীপুৰৰ চিলাপানীৰ আব্দুল হ’কৰ পুত্র আছাদুল হ’ক নামৰ যুৱকজন মানসিকভাৱে বিকাৰগ্ৰস্ত। এই গৰাকী যুৱকে শিগিৰিৰ ব্ৰেইলি দলঙৰ কাষত উপস্থিত হোৱাত একাংশ উদণ্ড লোকে ক’লা মানুহ বুলি অভিহিত কৰি দাৰে আঘাত কৰাত গুৰুতৰভাৱে আহত হয় যুৱকজন। আনকি উত্তেজিত লোকসকলে ব্ৰেইলি দলঙৰ কাষত থকা আৰক্ষীৰ নিৰীক্ষণ গৃহটোও লণ্ডভণ্ড কৰে।

অৱশ্যে, ক’লা মানুহ বুলি সন্দেহ কৰি যুৱক জনক এনেদৰে আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে যদিও আৰক্ষীৰ অনুসন্ধানতহে ওলাই পৰিব ঘটনাৰ প্ৰকৃত কাৰণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.